নগাঁৱত চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ নামত চলিছে কি ?

শেহতীয়াকৈ বটদ্ৰৱাৰ বয়োজেষ্ঠ লোক এজন অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰিছে

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ...

nagaon medical

ডিজিটেল সংবাদ,নগাঁওঃ চৰকাৰী চিকিৎসা সেৱাৰ নামত কি চলিছে নগাঁৱত ? সততে অভিযোগ, নগাঁৱত সাধাৰণ চৰ্দি, জ্বৰৰো নাই কোনো উপয়ুক্ত চিকিৎসা ৷ অভিযোগ যদি সত্য হয় তেনেহ’লে নগাঁৱৰ স্বাস্থ্য বিভাগে কৰিছে কি ?

নগাঁৱৰ মাজমজিয়াত অৱস্থিত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয় খনত আছে অক্সিজেন প্লান্ট ৷ কিন্তু জৰুৰীকালীন অৱস্থাত ৰোগীয়ে নাপায় অক্সিজেন ৷ সাধাৰণ ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰিব লগা হয় ৷ শেহতীয়াকৈ বটদ্ৰৱাৰ বয়োজেষ্ঠ লোক এজন অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰিছে ৷

ক’ভিডৰ সময়ত চিকিৎসালয় খনত স্থাপন কৰা হৈছিল আই চি ইউ , ভেন্টিলেশ্যন ৷ উন্নত চিকিৎসাৰ বাবে স্থাপন কৰা আই চি ইউ , ভেন্টিলেশ্যন এতিয়া ভালুকৰ সাঙী ৷ বছৰ বছৰ ধৰি পৰি আছে কোটি কোটি টকাৰ যন্ত্ৰাংশ ৷ ক’ভিড নাই কাৰনে আই চি ইউ,ভেন্টিলেশ্যন নচলে নগাঁও অসামৰিক চিকিৎসালয়ত ৷

একেদৰে চিকিৎসালয় খনত নাই ৰোগীৰ বাবে চৰকাৰী ঔষধ ৷ ৰোগীয়ে চৰকাৰী ঔষধ বিচাৰি নাপায় চিকিৎসালয় খনত ৷ মৃত্যুৰ পৰা বাচিবলৈ দৌৰ মাৰিব লগা হয় ফাৰ্মাচীলৈ । ৰোগীয়ে কপাহ, চিৰিঞ্জ এটাও নাপায় চিকিৎসালয় খনত ৷

চিকিৎসালয় খনৰ চৌহদত কংগ্ৰেছৰ দিনত এবাৰ আৰু বি জে পিৰ দিনত এবাৰ মুঠ দুবাৰ ট্ৰমা চেন্টাৰৰ আধাৰশিলা স্থাপন কৰা হ’ল ,কিন্তু বৰ্তমান চিকিৎসালয় খনৰ চৌহদত ট্ৰমা চেন্টাৰৰ অস্তিত্ব বিচাৰি পাবলৈ নাই ৷

দুৰ্ঘটনা প্ৰবল জিলা হিচাপে চিহ্নিত নগাঁৱৰ চামগুৰিটো এটা ট্ৰমা চেন্টাৰ গৃহ আছে যদিও সেই চেন্টাৰটো বৰ্তমান জুৱাৰী , মদাহীৰ আড্ডা স্থলী ৷ জিলাখনৰ ভিন্ন প্ৰান্তত দুৰ্ঘটনাত আহতৰ চিকিৎসাৰ নামত ড্ৰেচিঙ কৰি , টিটেনাচ দি গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷

প্ৰসূতি আৰু শিশুৰ চিকিৎসাৰ বাবে ম’হখুলিত থকা চৰকাৰী চিকিৎসালয় খনত নাই পৰ্যাপ্ত চিকিৎসা সেৱা ৷ শিশুৰ বাবে চিকিৎসালয়খনত থকা আই চি ইউৰ এখন বেডত দুই-তিনিটা শিশুক ৰাখি চিকিৎসা প্ৰদান কৰা হয় ৷ শিশুৰ বাবে প্ৰয়োজনীয় ঔষধ পাতিৰো অভাৱ চিকিৎসালয় খনত ৷

চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ এনে পৰিবেশৰ বিপৰীতে নগাঁৱত ব্যক্তিগত খণ্ড চিকিৎসালয় স্থাপনৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ জিলা খনত কৰ্মৰত কেবাজনো চিকিৎসকে পত্নীৰ নামত ব্যক্তিগত চিকিৎসালয় স্থাপন কৰি মানৱ সেৱাৰ নামত ধনৰ পাহাৰ গঢ়িছে ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ পয়ালগা পৰিৱেশক লৈ ৰাইজে মন্ত্ৰীজন উদ্বিগ্ন হোৱা দেখিবলৈ পোৱা নাই ৷

assam keshab mahanta health department