ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ ভোটাইগাঁৱত থকা এটা নিৰ্মাণ সংস্থাত কৰ্মৰত এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বীৰ লাচিত সেনাই পিছত কাৰ্যালয়টোত উপস্থিত হৈ মহিলাগৰাকীক আক্ৰমণ কৰা বিষয়াজনক কাৰ্যালয়টোতে আঠু কঢ়াই শাস্তি প্ৰদান কৰাৰ লগতে বিষয়াগৰাকীক মহিলাগৰাকীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰায় ৷
অভিযোগ মতে, হায়দৰাবাদৰ বি এম কে প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ প্ৰতিস্থানটোত প্ৰশাসনিক সহায়ক হিচাপে কৰ্মৰত হৈ আছে পিংকি ৰাজবংশী কলিতা নামৰ বিবাহিত মহিলাগৰাকী ৷ ভুক্তভোগী মহিলাগৰাকীক প্ৰতিস্থানটোৰ গাননিক বিষয়া আল্লাদ্বীপ ইৰা ভেংকটেশ্বৰে কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে হাতত ধৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰে ৷
উল্লেখ্য যে, আক্ৰমণৰ ঘটনাৰ পিছত ভুক্তভোগী মহিলাগৰাকীয়ে বিষয়টো প্ৰতিস্থানৰ ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে যদিও কোনো সুবিচাৰ লাভ নকৰাৰ অভিযোগ উঠিছে। তাৰ পাছতে বীৰ লাচিত সেনাৰ এটা দল কাৰ্যালয়টোত উপস্থিত হয় ৷ মহিলা কৰ্মচাৰীৰ নিৰাপত্তাৰ দাবী তুলি বিষয়াজনক কাৰ্যালয়ৰ ভিতৰতে আঠু কঢ়াই শাস্তি প্ৰদান কৰে সংগঠনটোয়ে ৷ ইফালে সংগঠনটোৰ উপস্থিতিত আক্ৰমণৰ সন্মুখীন হোৱা মহিলাগৰাকীয়ে বিষয়া ভেংকটেশ্বৰক শোধায় পূৰ্ণহতীয়া চৰ ৷