ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ তিনিগৰাকী বৰ্ষীয়ান সাংবাদিক, সাহিত্যিকৰ বাসগৃহলৈ গৈ নগাঁও প্ৰেছ ক্লাবৰ এটি প্ৰতিনিধি দলে আজি সম্বৰ্ধনা জ্ঞাপন কৰে। বুধবাৰে পুৱা নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকীৰ নেতৃত্বত ক্লাবৰ উপসভাপতি দ্বয় পলাশ প্ৰতিম হাজৰিকা আৰু বৈদ্যনাথ সাহানী, প্ৰাক্তন সাধাৰণ সম্পাদক চন্দনজ্যোতি বৰা, প্ৰচাৰ সম্পাদক নাজিম উদ্দিন আহমেদ আৰু সংবাদ কৰ্মী সুনীত কুমাৰ বৰাই প্ৰথমে নগাঁও চহৰৰ ৰত্নপুৰত থকা বিশিষ্ট সাহিত্যিক- শিক্ষাবিদ- সাংবাদিক উপেন্দ্ৰ বৰকটকীৰ বাসগৃহত উপস্থিত হয়।
তেওঁক গামোছা,চেলেং আৰু এটি স্মাৰকৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এসময়ত গুৱাহাটীত সাংবাদিকতা কৰি পিছলৈ লামডিং কলেজত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰাৰ বিষয়ে বৰ্ষীয়ান সাহিত্যিক- সাংবাদিক বৰকটকীয়ে সংবাদ কৰ্মীৰ দলটোক জানিবলৈ দিয়ে। আনহাতে লামডিং কলেজত অধ্যাপনা কৰাৰ সমান্তৰালকৈ লামডিঙৰ পৰা সাংবাদিকতা কৰাৰ বিষয়ে উল্লেখ কৰি বৰকটকীয়ে সাংবাদিকতা আৰু শিক্ষকতা তেওঁৰ জীৱনৰ জীৱিকা আৰু আদৰ্শ বুলি কয় ।
ইয়াৰ পাচতে নগাঁও প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলটোৱে নগাঁও চহৰৰ নিউ আমোলাপট্টিস্থিত বৰ্ষীয়ান সাংবাদিক,প্ৰাক্তন ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিৰ বাসগৃহত উপস্থিত হৈ গামোছা, চেলেং আৰু এটি স্মাৰকৰে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি ৯১ বৰ্ষ গৰকা বৰ্ষীয়ান সাংবাদিক বৰকাকতিয়ে সংক্ষিপ্তভাৱে নিজৰ জীৱনৰ কিছু কথা উল্লেখ কৰে।
আনহাতে নগাঁও চহৰৰ আমোলাপট্টি বিৰেন মহন্ত পথ নিৱাসী সত্ৰীয়া সাহিত্য-সংস্কৃতিৰ বিশিষ্ট গৱেষক, প্ৰবীন শিক্ষাবিদ তিলক চন্দ্ৰ মজুমদাৰৰ বাসগৃহলৈ গৈ নগাঁও প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলটোৱে বৰ্ষীয়ান সাহিত্যিক গৰকীক নগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা গামোছা,চেলেং আৰু এটি স্মাৰকৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত আৰু আঞ্চলিকতাবাদত বিশ্বাসী বৰ্ষীয়ান শিক্ষাবিদ তিলক চন্দ্ৰ মজুমদাৰ।উল্লেখ্য যে কিছু শাৰীৰিক অসুস্থতাত ভুগি থকা আশী বছৰ উৰ্ধৰ তিনিও গৰাকী বিশিষ্ট বৰ্ষীয়ান ব্যক্তিক বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে তেওঁলোকে নগাঁও প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ দলটোক কৃতজ্ঞতা জ্ঞাপন কৰে ।