নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ ৩মাহে দৰমহাৰ পৰা বঞ্চিত নগাঁৱৰ শিক্ষক

নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ ৩মাহে দৰমহাৰ পৰা বঞ্চিত নগাঁৱৰ শিক্ষক

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ ৩মাহে দৰমহাৰ পৰা বঞ্চিত নগাঁৱৰ শিক্ষক

ডিজিটেল সংবাদ,নগাঁও: লোকসভা নিৰ্বাচন আহিল আৰু গ'ল। নিৰ্বাচনত কাম কৰি ৩মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ ৰ'ল নগাঁৱৰ এগৰাকী শিক্ষক। নগাঁও জিলাৰ মহখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক পংকজ শ‌ইকীয়াই বিগত ৩ এপ্ৰিলত নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ PE/2024/22/2 নম্বৰৰ নিৰ্দেশনা অনুসৰি লোকসভা নিৰ্বাচন ২০২৪ ৰ কামত যোগদান কৰিছিল।

নিৰ্বাচনৰ কামত যোগদান কৰাৰ তথ্য বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰি শ‌ইকীয়াই ৩ এপ্ৰিলৰ পৰা ৫ জুনৰ নিশালৈকে নিৰ্বাচনৰ কামত জড়িত হৈ আছিল। নগাঁও জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপৰ পৰা ৬ জুনত নিৰ্বাচনী কামৰ পৰা অব্যাহতি লৈ পুনৰ বিদ্যালয়ত যোগদান কৰিছিল।

নিৰ্বাচনী কামত ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ত অকৰ্তৃত্বশীলভাৱে অনুপস্থিতিৰ দোহাই দি বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্ত‌ই শিক্ষক গৰাকীৰ বিৰুদ্ধে নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ওচৰত অভিযোগ দাখিল কৰে। বিদ্যালয় পৰিদৰ্শকে নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈ থকা শিক্ষক শ‌ইকীয়াক এই অভিযোগৰ ভিত্তিত যোৱা ২৯ মে' ত IS/NDC/AAP/SUS/2024/1180 নম্বৰৰ নিৰ্দেশনা অনুসৰি "কাৰণ দৰ্শোৱা জাননী" প্ৰেৰণ কৰে।

অৱশ্যে শ‌ইকীয়াই যোৱা ৩১ মে'ত পৰিদৰ্শক গৰাকীক কাৰণ দৰ্শোৱা জাননীৰ প্ৰত্যুত্তৰ দিয়ে যদিও বিদ্যালয় সমূহৰ পৰিদৰ্শকগৰাকীয়ে এক নিৰ্লিপ্ত ভূমিকাৰে মৌন হৈ শিক্ষকগৰাকীৰ মে' আৰু জুন মাহৰ পাৰিতোষিক বন্ধ কৰে। পিছত শিক্ষকজনে ২৬ জুনত আয়ুক্ত কাৰ্যালয়ত অভিযোগ দাখিল কৰে যদিও আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰাও বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

পৰৱৰ্তী সময়ত পুনৰ ৪ জুলাইত শিক্ষক শ‌ইকীয়াই সমস্ত ঘটনা জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক লিখিত ৰূপত জনায়। আয়ুক্তগৰাকীয়ে শিক্ষকগৰাকীক নিৰ্বাচনী কৰ্তব্যক নৈতিক কৰ্তব্য হিচাপে গণ্য কৰা হয় বুলি লিখিত ভাৱে দিয়ে। ইয়াৰ পাছতো আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত জিলা আয়ুক্ত ফিলিছ ভি এল এইচ হ্ৰংচালে সম্পূৰ্ণ ইচ্ছাকৃতভাৱে শিক্ষকগৰাকীৰ দৰমহা বন্ধ কৰি ৰাখি মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

৬ জুলাইত অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) মুনমী কলিতাই শিক্ষকগৰাকীৰ বন্ধ হৈ থকা দৰমহা প্ৰসংগত তদানীন্তন শিক্ষা পৰিদৰ্শক প্ৰভাত চন্দ্ৰ দাস, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্ত‌ আৰু অভিযুক্ত শিক্ষক পংকজ শ‌ইকীয়াৰ সৈতে আলোচনাত মিলিত হয়। ২৯ মে' তে কাৰণ দৰ্শোৱা জাননীৰ প্ৰত্যুত্তৰ দিয়াৰ পাছতো প্ৰায় ডেৰ মাহ ধৰি বিষয়টো সন্দৰ্ভত পৰিদৰ্শক দাসে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে শ‌ইকীয়াই।

নিৰ্বাচনী দায়িত্বৰ মাজত ব্যস্ত হৈ থকাৰ অজুহাতত অতিৰিক্ত জিলা আয়ুক্ত ফিলিছে দৰমহা বন্ধ কৰি ৰখাত মানসিক নিৰ্যাতনৰ বলি হোৱা শিক্ষকগৰাকীয়ে তেওঁৰ পৰিয়াল পৰিচালনাত যথেষ্ট অসুবিধাৰ কথা অৱগত কৰাৰ পাছতো আয়ুক্ত কাৰ্যালয়ে বিষয়টোৰ সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰাত শিক্ষকগৰাকী বৰ্তমান হতাশাত ভূগিছে।

মানসিকভাৱে ভাঙি পৰা শিক্ষকগৰাকীয়ে পাঠদান প্ৰক্ৰিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। ১৫ আগষ্টৰ ভিতৰত শিক্ষকগৰাকীৰ অনাদায় দৰমহা আদায় নিদিলে ন্যায্যপ্ৰাপ্তিৰ বাবে ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ সমান্তৰালকৈ এক গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও শিক্ষক পংকজ শ‌ইকীয়াই জানিবলৈ দিয়ে।

Also Read: জীয়াভৰালী নদীৰ পবিত্ৰ ঘাটত অগণন শিৱ ভক্ত...

nagaon