ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত নগাঁও যুৱ উৎসৱত তিনি শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ...

কাৰ্যসূচীত উপস্থিত থাকে নগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱা,গ্ৰামবিকাশ পৰিষদৰ পৰিচালন সঞ্চালক চিৰাজউদ্দিন আহমেদ আদি

author-image
Asomiya Pratidin
New Update
ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত নগাঁও যুৱ উৎসৱত তিনি শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ...

Nagaon

ডিজিটেল সংবাদ,নগাঁওঃ ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু নেহৰু যুৱ কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদ নগাঁৱৰ সহযোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে যুৱ উৎসৱ ৷

নগাঁও এলফিনষ্টন সভাগৃহত দিনজোৰাকৈ অনুষ্ঠিত হোৱা এই উৎসৱত তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ৬ টা ইভেণ্টত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হোৱা মুকলি সভাত বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰে ৷

জিলা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱা, গ্ৰামবিকাশ পৰিষদৰ পৰিচালন সঞ্চালক চিৰাজউদ্দিন আহমেদ, অতিৰিক্ত উপায়ুক্ত বিজিতা ডেকা,নেহৰু যুৱক কেন্দ্ৰৰ বিষয়া প্ৰমথেশ চক্ৰৱৰ্তী আদিয়ে ৷

উল্লেখ্য যে, যুৱ সমাৰোহৰ অনুষ্ঠানত পৰিবহন বিভাগে পথ সুৰক্ষাৰ লগত সংগতি ৰাখি অংকীয়া নাট প্ৰদৰ্শন কৰে ৷

অন্যহাতে উক্ত প্ৰতিযোগীতাত বিজয়ী সকলে ৰাজ্যিক পৰ্যায়ত গুৱাহাটীত হ'বলগীয়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে ৷

nagaon youth festival neharu yuva kendra