নগাঁৱৰ চমুৱাগাঁও তিনিআলিত মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ১

নগাঁৱৰ চমুৱাগাঁও তিনিআলিত মুখামুখি সংঘৰ্ষ,  থিতাতে নিহত ১
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁও তিনিআলিত আজি বিয়লি দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত ১ জন লোক থিতাতে নিহত হোৱাৰ লগতে পাচজনকৈ লোক গুৰুত্বৰ ভাৱে আহত হয়।

জানিব পৰা মতে নগাঁও অভিমুখে গৈ থকা এ এচ ০ আৰ চি ৯৮৫৫ নম্বৰৰ আৰ্টিকা বাহন আৰু মৰিগাঁও অভিমুখি এ এচ ০২ ডিচি ৫৭২১ নম্বৰৰ মেজিক ভানৰ মাজতহোৱা মুখামুখি সংঘৰ্ষত মৰিগাঁও ভূৰাগাঁৱৰ তাপস ৰয় (৫১)ৰ ঠিতাতে নিহত হোৱাৰ লগতে অমৰজিৎ গগৈ (৩০), নয়নমনি গগৈ (২৬), ৰেকিব হুছেইন (২২), চুলেমা খাতুন (২৪), তপন ৰয় (৫৫) গুৰুত্বৰ ভাৱে আহত হয়।

ঘটনাৰ কিছু সময়ৰ পিছতে জাজৰি আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ মৃত তাপস ৰয়ৰ মৰণোত্তৰ পৰীক্ষা আৰু আহত সকলৰ চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি আজি কিছুদিনৰ পৰা এই ঠাইখনত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও স্থানীয় জনতাই এই ঠাইখনত গতিৰোধক দিবৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো ধৰণৰ কানষাৰ নিদিয়াৰ ফলতে এনে ধৰনৰ দুৰ্ঘটনা সঘনাই ঘটিব ধৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in