নগাঁও জিলাৰ ২০৭ খন গাঁও বানৰ কবলতঃ কলঙৰ জলপৃষ্ঠ বিপদসীমাৰ ৪৪ছেণ্টিমিটাৰ ওপৰত...

নগাঁও জিলাৰ ২০৭ খন গাঁও বানৰ কবলতঃ কলঙৰ জলপৃষ্ঠ বিপদসীমাৰ  ৪৪ছেণ্টিমিটাৰ ওপৰত...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ বানপৰিস্থিতি ক্ৰমশ জটিল হৈ পৰিছে। আজি জিলাখনৰ ২০৭ খন গাঁও বানপানীৰ কবলত আছে। জিলাখনৰ চামগুৰি ৰাজহ চক্ৰত ২৫ খন ,কলিয়াবৰত ৫৩ খন ,কামপুৰত ৫৭ খন‌ , ৰহাত ৪০ খন ,নগাঁও সদৰত ১৭ খন আৰু ধিং ৰাজহ চক্ৰত ১৫ খন গাঁও বানৰ কবলত পৰিছে। ৭০ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হৈছে।

১৮ হাজাৰৰো অধিক হেক্টৰ কৃষিভুমিৰ ক্ষতিসাধন হৈছে। ৬৭ হাজাৰৰো অধিক পশুধন আক্ৰান্ত হৈছে।জিলা খনৰ বানপৰিস্থিতি ক্ৰমশ জটিল হৈ পৰাত বানাক্ৰান্তৰ বিলাই বিপত্তি নোহোৱা হৈছে। জিলা প্ৰশাসনে বানাক্ৰান্তৰ বাবে জিলা প্ৰশাসনে ২০ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে যদিও অধিকাংশ বানাক্ৰান্ত পথৰ দাতিত ,ওখঠাইত আশ্ৰয় লৈ আহিছে।

পথৰ দাতিত আশ্ৰয় লৈ থকা বানাক্ৰান্ত সকলক প্ৰশাসনে সাহাৰ্য প্ৰদান কৰিছে যদিও তেওঁলোকে এক অবৰ্ননীয় পৰিস্থিতিৰ মাজত থাকিব লগা হৈছে। ৰদ বৰষুণৰ মাজত সাধাৰণ তাৰপলিন এখন তৰি পোহনীয়া পশুধনৰ লগত আছে একাংশ বানাক্ৰান্ত। ইপিনে।দুদিনৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছিল যদিও কালিৰে পৰা জলস্তৰ ক্ৰমশ বৃদ্ধি পোৱাত নগাঁওবাসী চিন্তিত হৈ পৰিছে।

আজি বিয়লিৰ তথ্য অনুসৰি শিলঘাটত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ৬০ ছেণ্টিমিটাৰ তলেৰে বৈ আছে যদিও জলস্তৰ বৃদ্ধি হৈ আছে। কামপুৰত কপিলী বিপদসীমাৰ ৬৪ ছেণ্টিমিটাৰ তলেৰে বৈ আছে। নগাঁও চহৰত কলং নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ৪০ ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। ৰহাত কলংনৈ বিপদসীমাৰ বিপদসীমাৰ তলেৰে বৈ আছে ৪৬ ছেণ্টিমিটাৰ তলেৰে বৈ আছে। কলং নৈৰ জলপৃষ্ঠ ক্ৰমশ বৃদ্ধি হৈ থকাত নগাঁও চহৰ বানৰ কবলত পৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in