ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ অন্যতম সামাজিক, সাংস্কৃতিক তথা ক্ৰীড়া অনুষ্ঠান সূৰ্যোদয়ৰ উদ্যোগত ১৫ অক্টোবৰত দিনযোৰাকৈ 'সুৰৰ নিজৰা - ২০২৪' শীৰ্ষক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হব। সদৌ অসম ভিত্তিত হব লগা এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব। সেইদিনা পুৱা ৯ বজাৰ পৰা হবলগা প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ৫০০ টকা ।
বিশেষ ভাবে সক্ষম প্ৰতিযোগীৰ ভৰ্তি মাচুল ৰেহাই দিয়া হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হব । প্ৰতিযোগী সকলে মাৰ্জিত সাজপাৰ পৰিধান কৰি গীত পৰিবেশন কৰিব পাৰিব । প্ৰতিযোগীক সমিতিয়ে বাদ্যযন্ত্ৰ যোগান ধৰিব আৰু তেওঁলোকে কোনো ইলেকট্ৰনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব ।
প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক ক্ৰমে ১০.০০০ টকা ,৮.০০০টকা আৰু ৭.০০০ টকাৰ লগতে বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হব । প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ প্ৰয়াত ধৰণীকান্ত বৰুৱা আৰু লিলি বৰুৱাৰ সোঁৱৰণত, দ্বিতীয় পুৰষ্কাৰ প্ৰয়াত পুতু দেবীৰ সোঁৱৰণত আৰু তৃতীয় পুৰষ্কাৰ প্ৰয়াত ভাৰত বৰুৱাৰ সোঁৱৰণত তেওঁলোকৰ পৰিয়ালে আগবঢ়াইছে ।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা সকলে প্ৰতাপ শৰ্মা পথ ,আমোলাপট্টী(মণ্টেশ্বৰী স্কুলৰ ওচৰত) নগাঁও ,অসম আৰু ৯১০১১৭৩০২৩ /৯৪৩৫৪৫৭৭৭৫ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সাধাৰন সম্পাদক প্ৰিয়ঙ্কু শৰ্মাই জনাইছে । প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে Google pay no 9435457775 ত ৫০০ টকা জমা দি 97060 71539 । আৰু 9435457775 নম্বৰত screenshot পঠাব লাগিব। প্ৰতিযোগিতাখন সফল কৰিবৰ বাবে উদ্যোক্তা সকলে সকলোৰে সহযোগিতা কামনা কৰিছে ।