নগাঁওবাসী কলিয়াবৰীয়া মঞ্চৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস...

নগাঁওবাসী কলিয়াবৰীয়া মঞ্চৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস...

author-image
Asomiya Pratidin
New Update
নগাঁওবাসী কলিয়াবৰীয়া মঞ্চৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস...

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলৰ উমৈহতীয়া মঞ্চ নগাঁওবাসী কলিয়াবৰীয়া মঞ্চৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসুচীৰে নগাঁও চহৰৰ শ্ৰী শ্ৰী শংকৰ মন্দিৰত অনুষ্ঠিত হয়।পুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে মঞ্চৰ সভাপতি কনক হাজৰিকাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকাকতীয়ে।

ইয়াৰ পিছতে বিশিষ্ট চিকিৎসক ডা :বিৰিঞ্চি কুমাৰ বৰাৰ নেতৃত্বত আৰু নগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰ মুকলি অনুষ্ঠানত নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা:ফণী পাঠক ,মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা :বীণাপানী নেওগ ,বিশিষ্ট চিকিৎসক ডা :অৰূপজ্যোতি মহন্তই অংশগ্ৰহণ কৰে।

চিকিৎসা শিবিৰত বিভিন্ন ৰোগৰ উন্নত মানৰ পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়।ডা :এম হাজৰিকা আৰু ডা:দিব্যজিৎ বৰা সহ কেবাজনো অভিজ্ঞ চিকিৎসক আৰু ষ্টাফে অংশগ্ৰহণ গ্ৰহণ কৰা চিকিৎসা শিবিৰত শতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয়। নগাঁৱৰ শ্ৰী শ্ৰী শংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত দুপৰীয়া নামপ্ৰসঙ্গ অনুস্থিত হয়।

বিয়লি আলোচনা চক্ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠান মুকলি কৰি প্ৰাক্তন মন্ত্ৰী তথা সাহিত্যিক গুণীন হাজৰিকাই কয় যে সাংস্কৃতিক দিশ শক্তিশালী হবলৈ হলে অৰ্থনৈতিক দিশটো টনকিয়াল হব লাগিব।ইয়াৰ বাবে নতুন প্ৰজন্ম আগবাঢ়ি আহিব লাগিব। ডা : বীণাপানী নেওগৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সত্ৰাধিকাৰ হিৰু প্ৰসাদ মহন্তই কয় যে অসমৰ সংস্কৃতি বিশাল । এই সংস্কৃতিৰ চৰ্চা প্ৰাচীন কালৰে চলি আহিছে।

অসমীয়া সংস্কৃতি বিশ্বৰ ভিতৰতে চহকী বুলি কব পৰা যায়।হিমাদ্ৰী হাজৰিকা ভুঞাই আতধৰা অনুষ্ঠানত নয়নজ্যোতি শইকীয়াই সূত্ৰধাৰ নৃত্য , মনময়ুৰী বৰাই বৰগীত ,প্ৰাৰ্থনা হাজৰিকাই সত্ৰীয়া নৃত্য আৰু নয়ন অসম কলিয়াবৰীয়াই গীত পৰিবেশন কৰে ।সভাত মঞ্চৰ জেষ্ঠ সদস্য প্ৰভাত বৰা ,গুণধৰ গগৈ ,ডা :বিৰিঞ্চি বৰা ,মঞ্চৰ কাৰ্যকৰী সভাপতি বলীন মহন্ত, সাধাৰণ সম্পাদক বুবুল বৰা , উপসভাপতি কৃষ্ণকান্ত শইকীয়া, পদ্ম গোস্বামী, সম্পাদক পল্লৱজ্য্যোতি মহন্ত , বিত্ত সম্পাদক দিলীপ বৰাৰ লগতে প্ৰসন্ন শৰ্মা , প্ৰদীপ হাজৰিকা ,কমলেশ্বৰ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে।

নগাঁও