ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ ত্রিৰংগা অভিযানৰ লগত সংগতি ৰাখি আজি নেহেৰুৱালী খেলপথাৰপৰা ত্রিৰংগা যাত্ৰাৰ এক বিশাল সমদল উলিওৱা হয় । এই ত্রিৰংগা যাত্ৰাৰ শুভাৰম্ভণি কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । অনুষ্ঠানৰ আৰম্ভনিতেই উপস্থিত সকলোৱে এখন ড্ৰাগছ ও নিচা মুক্ত নগাঁও গঢ়াৰ সংকল্প গ্ৰহণ কৰে ।
কৃষ্ণ কিংকৰ খাটনিয়াৰে আঁত ধৰা এই অনুষ্ঠানটোত জিলা উন্নয়ন আয়ুক্ত গুনজিত কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আয়ুক্তসকল, অতিৰিক্ত আৰক্ষী অধীক্ষক,সহকাৰী আয়ুক্ত সকল , চি আৰ পি এফ ৰ অধিনায়ক, জিলাৰ মূৰব্বী বিষয়া ও কৰ্মচাৰীসকল, বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক -শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰীসকল, এন.চি .চি.,বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়াসকল ,আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী, আত্মসহায়ক গোটৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
৯ ৰ পৰা ১৫ আগষ্ট লৈ হৰ ঘৰ ত্রিৰংগা অভিযানৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আছে। ১৩ আগষ্টত জিলা পৰিবহণ বিভাগৰ সহযোগত এক বাইক ৰেলী আৰু নগাঁও মহাবিদ্যালয় (স্বায়ত্ব)ৰ প্ৰেক্ষাগৃহত আবেলি এক ত্রিৰংগ সমলয় অনুষ্ঠিত হব।
জিলা তথ্য আৰু জনসংযোগ বিষযা কাৰ্যালয়ৰ দ্বাৰা স্থিৰ অনুভাষ যন্ত্ৰৰ জৰিয়তে নগৰ অঞ্চলত পুৱা আৰু গধুলি দেশপ্ৰেমমূলক গীত পৰিবেশন কৰি থকা হৈছে । এই হৰ ঘৰ ত্রিৰংগা কাৰ্য্যসূচিত সমগ্র নগাঁওবাসী ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ নগাঁও জিলা প্ৰশাসনে আন্তৰিকতাৰে কামনা কৰিছে।