ডিজিটেল সংবাদ, নামৰূপ: শনিবাৰে নিশাৰ পৰা হোৱা প্ৰবল বৃষ্টিপাতত সমগ্ৰ নামৰূপৰ বিভিন্ন স্থান জলমগ্ন হৈ ব্যাহত হৈ পৰিছে জনজীৱন। বৰষুণৰ ফলত দেওবাৰে পুৱা নামৰূপ টাউনৰ পৰা ষ্টেচনলৈ যোৱা ব্যস্ত পথটো ভয়ানকভাৱে খহি পৰে।
নামৰূপ চাহ বাগিছাৰ পৰা দিল্লী নদীলৈ বৈ যোৱা পানীৰ নলাটোৰ ওপৰত থকা সৰু কালভাৰ্টৰ একাংশ হঠাৎ খহি পৰি পথটো প্ৰায় যাতায়তৰ অনুপযোগী হৈ পৰে। পথটোৰ একাংশ খহি যোৱাৰ লগতে ক্ৰমাৎ পথটো খহি গৈ আছে। গুৰুত্বপূৰ্ণ যে বিষয়টো অৱগত হোৱাৰ লগে লগে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।
বিধায়ক তৰংগ গগৈয়ে বিষয়টোৰ গুৰুত্ব বুজি প্ৰশাসনিক বিভাগ আৰু পি ডব্লিউ বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে নিশাৰ ভাগত অহা যোৱা কৰা পথচাৰীক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। আনহাতে পথটো সাময়িকভাৱে মেৰামতি কৰাৰো ব্যবস্থা গ্ৰহণ কৰে।
Also Read: সাৱধান: দেশৰ ২৩খন ৰাজ্যত হ'ব পাৰে প্ৰবল বৃষ্টিপাত, ঘূৰ্ণী বতাহ...