ডিজিটেল সংবাদ, নাৰায়ণপুৰ : স্বাধীনতা দিৱসৰ উলহ মালহৰ মাজতে নাৰায়ণপুৰৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দাধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱক আহত হয়।
জানিব পৰা মতে অসম-অৰুণাচল সীমান্তৰ চেঁচা নদীৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত ধলপুৰ-শিমলুগুৰি পথৰ দাধৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় যুৱক জনৰ। নিহত যুৱকজন লখিমপুৰ এঙাৰখোৱাৰ ভৈৰব হাজৰিকা(২০) বুলি জানিব পৰা গৈছে।
আনহাতে লগতে আহি থকা হিমাংশু গগৈ নামৰ আন এজন বাইক আৰোহীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত খুন্দা মৰাৰ ফলত আহত হয়।আহত হিমাংশু গগৈক ধলপুৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে।
আৰু পঢ়ক: নিশা হোৱাৰ পাছতো গুৱাহাটীৰ ৰাজপথত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা