ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ এবাৰ অধিষ্ঠিত হোৱাৰ পাছতে ডনাল্ড ট্ৰাম্পক ফোন কৰি শুভেচ্ছা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ট্ৰাম্পক ফোন কৰাৰ পাছতে এই কথা সামাজিক মাধ্যম যোগে অৱগত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰাম্পক শুভেচ্ছা জনাই কয় যে, তেওঁৰ এই চমকপদ বিজয়ৰ বাবে অভিনন্দন জনাও আৰু আগন্তুক সময়ত প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি,মহাকাশ আৰু বিভিন্ন শাখাত ভাৰত-আমেৰিকাৰ সম্পৰ্কক অধিক শক্তিশালী কৰিবলৈ পুনৰ এবাৰ একেলগে কাম কৰিবলৈ আশাৰে বাট চাই আছো।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কমলা হেৰিছক পৰাস্ত কৰি ড’নাল্ড ট্ৰাম্পে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে। আমেৰিকাৰ ইতিহাসত অন্য এক অধ্যায় ৰচনা কৰিলে ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্পে।