শ্ৰেষ্ঠ ভাৰত গঢ়াৰ লক্ষ্যৰে অষ্টাদশ লোকসভা অধিৱেশন অনুষ্ঠিত হৈছেঃ মোডী

শ্ৰেষ্ঠ ভাৰত গঢ়াৰ লক্ষ্যৰে অষ্টাদশ লোকসভা অধিৱেশন অনুষ্ঠিত হৈছেঃ মোডী
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি ১৮ সংখ্যক লোকসভাৰ প্ৰথমখন অধিৱেশন ৷ এই অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে নৱনিৰ্বাচিত সাংসদ সদস্যসকলে শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে।

নৱ নিৰ্বাচিত সাংসদসকলক আদৰণি জনাই মোডীয়ে কয় যে,"দেশ চলাবলৈ একমতৰ প্ৰয়োজন। আজি সংসদীয় গণতন্ত্ৰত গৌৰৱৰ দিন। স্বাধীনতাৰ পিছত পোন প্ৰথমবাৰৰ বাবে আমাৰ নতুন সংসদত শপত গ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বলৈ এই প্ৰক্ৰিয়া পুৰণি সংসদত অনুষ্ঠিত হৈছিল। এই গুৰুত্বপূৰ্ণ দিনটোত মই সকলো নৱনিৰ্বাচিত সাংসদক আদৰণি জনাইছো, অভিনন্দন জনাইছো আৰু তেওঁলোকক শুভেচ্ছা জনাইছো।"

লগতে তেওঁ কয় যে, ২০৪৭ লৈ বিকশিত ভাৰত,শ্ৰেষ্ঠ ভাৰত গঢ়াৰ লক্ষ্যৰে আজিৰ এই ১৮ সংখ্যক লোকসভা অধিৱেশন অনুষ্ঠিত কৰা হৈছে। যদিহে দেশবাসীয়ে তৃতীয়বাৰৰ বাবে আমাক বিশ্বাস কৰিছে ইয়াৰ অৰ্থ হৈছে তেওঁলোকে চৰকাৰৰ নীতি আৰু উদ্দেশ্যত অনুমোদন জনাইছে।

ইয়াৰোপৰি ২৫ জুনৰ কথা উল্লেখ কৰি তেওঁ কয় যে,কাইলৈ ​​২৫ জুন। যিসকল দেশৰ সংবিধানৰ মৰ্যাদাৰ প্ৰতি উৎসৰ্গিত, যিসকলৰ ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি বিশ্বাস আছে তেওঁলোকৰ বাবে ২৫ জুন এক অবিস্মৰণীয় দিন। ২৫ জুনত ভাৰতৰ গণতন্ত্ৰত ক'লা দাগ চিহ্নিত হোৱাৰ ৫০ বছৰ হ'ব৷ ভাৰতৰ নতুন প্ৰজন্মই কেতিয়াও পাহৰিব নোৱাৰে যে সংবিধান সম্পূৰ্ণৰূপে নাকচ কৰা হ'ল, ভাৰতক জেললৈ ৰূপান্তৰিত কৰা হ'ল, গণতন্ত্ৰক সম্পূৰ্ণৰূপে দমন কৰা হ'ল। আমাৰ সংবিধানক আৰু ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰি দেশবাসীয়ে সংকল্প লৈ যে ৫০ বছৰ পূৰ্বৰ সেই ঘটনাৰ পুনৰাবৃত্তি নহয়।

শ্ৰেষ্ঠ ভাৰত গঢ়াৰ লক্ষ্যৰে অষ্টাদশ লোকসভা অধিৱেশন অনুষ্ঠিত হৈছেঃ মোডী
NEET কেলেংকাৰীঃ বৰ্তমানলৈ ১৯গৰাকীক গ্ৰেপ্তাৰ, ১১০শিক্ষাৰ্থীক অযোগ্য ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in