ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ যতীন বৰাৰ বিয়োগ...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ যতীন বৰাৰ বিয়োগ...
Published on
Updated on

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থ ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানাৰ অৱসৰপ্ৰাপ্ত বিষয়া সুদক্ষ ফুটবল খেলুৱৈ, ক্ৰীড়া সংগঠক, অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ, যতীন বৰাই (৬৫) দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে। নামৰূপ নাহৰকটীয়াত অতি জনপ্ৰিয় সৰবৰহি ব্যক্তি যতিন বৰাই দেওবাৰে সন্ধিয়া ডিব্ৰুগড় চিকিৎসা মহবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে ৷

নাহৰকটীয়া বৰবাম গাৱঁৰ সন্তান, প্ৰাক্তন কটনিয়ান, ভাৰতীয় সাৰ নিগমৰ ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন খেলুৱৈ যতিন বৰাৰ মৃত্যুত নামৰূপত গভীৰ শোকৰ ছাঁ পৰিছে। দেওবাৰে নিশা খেলুৱৈগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিশেষকৈ ক্ৰীড় অনুৰাগীসকল শোকত মিয়মান হৈ পৰে।

দেওবাৰে নিশা প্ৰতিকুল বতৰকো নেওচি নামৰূপৰ গান্ধী ময়দানত গুণমুগ্ধসকলে মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশিষ্ট খেলুৱৈগৰাকীৰ বিয়োগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটিত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ টচেন বৰা, নামৰূপ ফুট বল এচোছিয়েশ্যন, নামৰূপ প্ৰেছ এণ্ড ছছাইটি ক্লাব, ফাৰ্তিলাইজৰ শ্ৰমিক ইউনিয়ন, বেডমিন্টন এচছিয়েচন, নামৰূপ ক্ৰিকেট একাডেমী, নামৰূপ টেবুলটেনিছ এ চছিয়েচন, নামৰূপ টাউন ক্লাব, উদ্যোগিক প্ৰবীণ ফুটবল এচচিয়েচন, খেলুৱৈ সতীৰ্থসকল, সমাজ কৰ্মীসকল উপস্থিত থাকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ যতীন বৰাৰ বিয়োগ...
গেদাৰবৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অংকীয়া নাট সমাৰোহৰ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in