খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন...

খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত  ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, বেবেজীয়াঃ আজি নগাঁও জিলাৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ২০২৪ চনৰ পোষণ মাহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া জ্যোতিপ্ৰসাদ বেজবৰুৱা, খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ সকলো মূখ্য সেৱিকা, পোষণ অভিযানৰ খণ্ড সমন্বয়ক চিংকী বৰা, খণ্ড কাৰ্যক্ৰম সহায়ক উদীপ্ত বৰগোহাঁইকে প্ৰমূখ্য কৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকি ৰাষ্ট্ৰীয় পোষণ মাহ ওপৰত আলোকপাত কৰে ।

সভাত মুখ্য সেৱিকা পিংকী বৰাই আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া জ্যোতিপ্ৰসাদ বেজবৰুৱাই । বেজবৰুৱাই এই বৰ্ষৰ পোষণ মাহৰ মূল ছটা বিষয়বস্তুৰ ওপৰত বিষদ ব্যাখ্যা আগবঢ়াই ‌। অন্যহাতে মহকুমা স্বাস্থ্য বিষয়া Dr. Z M. Iushad, আশা পৰিদৰ্শিকা স্মৃতা শইকীয়াই এনিমিয়া সম্পৰ্কে বক্তৃতা প্ৰদান কৰে ।

সভাত খণ্ড প্ৰকল্প প্ৰৱন্ধক পৱন কুমাৰ বৰদলৈ, NRLM ৰ খণ্ড সমন্বয়ক পলাশ জ্যোতি দুৱৰা, বিদ্যালয়ৰ সহ পৰিদৰ্শক বিজয় কেৰি, বুঢ়াগোসাই প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ খণ্ড প্ৰকল্প বিষয়া সুমন জ্যোতি বৰগোহাঁই , সমাজকৰ্মী সাগৰিকা বৰাই ভাষণ আগবঢ়ায় ।

উল্লেখযোগ্য যে অনুষ্ঠানত খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত এখনি খাদ্য মেলা প্ৰদৰ্শনৰ লগতে ৰেচিপি প্ৰতিযোগিতাৰো আয়োজন কৰে । মূখ্য সেৱিকা জোনালী বৰাই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিছতে সভাৰ সামৰণি ঘটে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in