মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত শনিবাৰে মৰিগাঁৱত বিস্তৃত কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
national press day, morigaon

ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত শনিবাৰে মৰিগাঁৱত বিস্তৃত কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। মৰিগাঁও চহৰৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পুৱাৰ ভাগত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক, জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই। 

ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ উপ-সভাপতি কল্পতৰু চৌধুৰীয়ে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি 'সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ' শীৰ্ষক এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। 

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাখন উদ্বোধন কৰে জনসংযোগ বিভাগৰ দায়িত্বত থকা মৰিগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত ড০ সংগীতা বৰঠাকুৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক তথা অধিবক্তা বুবুমণি গোস্বামীয়ে।

তেওঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে। তেঁও ভাষণ প্ৰসংগত সংবাদ কৰ্মীসকলক মালিক পক্ষই কৰি অহা শোষণ, শাসক-বিৰোধীৰ নিৰ্যাতন আৰু সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰাজিৰ সম্পৰ্কত তথ্য ভিত্তিক বৰ্ণনা দাঙি ধৰে। 

সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই। হাজৰিকাই কয়- পৃথিৱীৰ জীৱন্ত গণতন্ত্ৰৰ প্ৰতীক হৈছে ভাৰতবৰ্ষ। এই দেশৰ সংবিধানখন বহুবাৰ সংশোধন হৈছে। 

দেশৰ ৰাজনীতি, অৰ্থনীতিৰ বহু পৰিৱৰ্তন হৈছে। ইয়াৰ সমান্তৰালকৈ সংবাদ মাধ্যমৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক কথা। শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তায়ো সংবাদ মাধ্যমত আমূল পৰিৱৰ্তন অনা বুলি তেঁও মন্তব্য কৰে। 
সভাত উপস্থিত থাকি মৰিগাঁৱৰ আৰক্ষী অধীক্ষ হেমন্ত কুমাৰ দাসে অতিৰঞ্জিত খবৰ অথবা বাতৰিয়ে সকলোকে বিপদত পেলায় বুলি উল্লেখ কৰে। এন অতিৰঞ্জিত বাতৰিয়ে বিশেষকৈ আৰক্ষী আৰু জনসাধাৰণক বহু সময়ত বুমেৰাং কৰে বুলি মন্তব্য কৰে অধীক্ষকগৰাকীয়ে। 

সভাত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই সততা, সাহসিকতা, শুদ্ধতা আৰু সমকালীন চিন্তাই এক সুষ্ঠ সাংবাদিকতা গঢ়ি তোলে বুলি মন্তব্য কৰে। দেশৰ পৰিৱৰ্তনত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম বুলিও তেঁও উল্লেখ কৰে। 

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথে আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ সভাখনিত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক ক্ৰমে উপেন চন্দ্ৰ ডেকা, মহেন্দ্ৰনাথ হাজৰিকা, জগদীশ নাথ আৰু জাকিৰ হুছেইনে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, বিশিষ্ট নাগৰিক ঘনকান্ত বৰা, প্ৰদীপ পৰাশৰ, নুৰ মহম্মদ, গম্ভীৰ মেধি প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

এই সভাতে জিলাখনৰ দুই জ্যেষ্ঠ সাংবাদিক ক্ৰমে মৰিগাঁৱৰ লক্ষজ্যোতি নাথ আৰু মায়ঙৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক নজৰুল ইছলামক শৰাই, গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । সভাৰ আৰম্ভণিতে এটি সুমধুৰ বৰগীত পৰিৱেশ কৰে উদীয়মান শিল্পী মৌমিন ডেকাই। 
ইয়াৰ উপৰি সভাৰ আৰম্ভণিতে অসম সংগীত আৰু সভাৰ শেষত ৰাষ্ট্ৰীয় সংগীত সমস্বৰে পৰিৱেশন কৰা হয়।

MAYANG NATIONAL PRESS DAY