ডিজিটেল সংবাদ, কোকৰাঝাৰ : বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বডোলেণ্ড জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯:৩০ বজাত পতাকা উত্তোলন কৰা হয়।
একেদৰে ৯:৪০ বজাত শ্বহীদ তৰ্পন আৰু ১০:০০ বজাত গ্ৰীণ বড়োলেণ্ড মিছনৰ অধীনত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় । ইয়াৰ পিছতেই পুৱা ১১ :০০ বজাৰ পৰা বড়োলেণ্ড জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ সাধাৰণ সভা অনুষ্ঠিত হয়।
সভাত বিটিআৰৰ কেউখন জিলাৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে । ইপিনে বড়োলেণ্ড জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মুকলি সভা অনুষ্ঠিত হয় ।
মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বি এল আহুজা ৷ ইয়াৰোপৰি মুকলি সভাত প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, জাকিৰ হুছেইন, ৰাকেশ শৰ্মা, বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সচিব ৰক্তিম বুঢ়াগোঁহাই , বিটিচিৰ চিৰাং, বাক্সা আৰু কোকৰাঝাৰৰ তথ্য আৰু জনসংযোগ বিষয়াসকলৰ লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে মুকলি সভাত বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ মূৰব্বী জাহিদ আহমেদ তাপাদাৰে আদৰণি ভাষণ আগবঢ়ায় । বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো নতুন দিল্লীত অনুষ্ঠিত বড়োলেণ্ড মহোৎসৱত উপস্থিত থকাৰ বাবে কোকৰাঝাৰত আয়োজিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিলে যদিও প্ৰমোদ বড়োৰ শুভেচ্ছামূলক ভাষণ পাঠ কৰি শুনায়।
প্ৰমোদ বড়োৰ ভাষণটি কোকৰাঝাৰৰ তথ্য আৰু জনসংযোগ বিষয়া(ভাৰপ্ৰাপ্ত)মনস্বিতা মহন্তই ৰাইজৰ মাজত পাঠ কৰি শুনায় । একেদৰে বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ড° নিলুৎ স্বৰ্গীয়াৰীৰ শুভেচ্ছামুলক ভাষণটি বাকসাৰ তথ্য আৰু জনসংযোগ বিষয়া (ভাৰপ্ৰাপ্ত) জেচিকা পাউডেল ছেত্ৰীয়ে আৰু বিটিচিৰ মুখ্য সচিব আকাশদ্বীপৰ শুভেচ্ছামূলক ভাষণটি চিৰাংৰ তথ্য আৰু জনসংযোগ বিষয়া (ভাৰপ্ৰাপ্ত) কমল দলেই পাঠ কৰি শুনায় ।
উল্লেখ্য যে অনুষ্ঠানত পেঞ্চনপ্ৰাপ্ত সাংবাদিক ক্ৰমে ওদালগুৰীৰ ইমৰান হুছেইন, তামোলপুৰৰ খগেন বৈশ্য, আনন্দ ৰামচিয়াৰী আৰু কোকৰাঝাৰৰ স্বপন কুমাৰ এশ্বক সম্বৰ্ধনা জনোৱা জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয় । আনহাতে জ্যেষ্ঠ সাংবাদিক ক্ৰমে কোকৰাঝাৰৰ হৰিশংকৰ ঠাকুৰ, বাকসাৰ ধ্ৰুৱ শৰ্মা, চিৰাংৰ দুৰ্লভ তালুকদাৰ, তামোলপুৰৰ বাপুৰাম বড়ো আৰু ওদালগুৰিৰ গুণজিৎ দাসক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানত বড়োলেণ্ড জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ সভাপতি আবু বক্কৰ ছিদ্দিককে ধৰি সন্থাৰ বিষয়ববীয়াসকলৰ লগতে বি টি আৰৰ প্ৰায় শতাধিক সাংবাদিক উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে ।