হাওৰাঘাটত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

হাওৰাঘাটত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

ডিজিটেল সংবাদ, হাওৰাঘাট: অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, কাৰ্বি আংলং জিলাৰ উদ্যোগত মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে স্থানীয় হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস-২০২৪ উদযাপন কৰা হয়। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।

ভাৰতীয় বিজ্ঞানীৰ চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ অসমতে অসম চৰকাৰৰ অধীনস্থ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ পৃষ্ঠপোষকতাত ২১৯টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰত উক্ত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত পূৱা ১০ বজাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেবেন্দ্ৰ শৰ্মাই।

অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাওঁ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ধৰিত্ৰী দত্তই। উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকে হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্ত, হাওৰাঘাট ইংৰাজী মাধ্যম হাইস্কুলৰ প্ৰধান শিক্ষক মুক্তালাল দাস, অককেৰেং হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক কৰুণা কান্ত বড়ো, হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰামাশংকৰ গুপ্তা, জিলা সমন্বয়ক ভৱানন্দ খাখলাৰী, কাৰ্বি আংলং জিলাৰ খণ্ড সমন্বয়ক সকল উদ্বোধনী সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা ড০ ধৰিত্ৰী দত্তই ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী ভালেমান দিশ সামৰি তত্বগধুৰ আৰু মনোগ্ৰাহী ভাষণ আগবঢ়ায়।

ইয়াৰ পিছতে উপস্থিত থকা ছাত্ৰ-ছাত্ৰীক মহাকাশ সম্পৰ্কীয় তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। দুপৰীয়া ১২ বজাত কৃত্ৰিম বুদ্ধিমত্তা: সম্ভাৱনা আৰু চিন্তা শীৰ্ষক প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত জিলাখনৰ সাতোটা উন্নয়ন খণ্ডৰ প্ৰতিযোগীয়ে সক্ৰিয় অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে হোমেশ্বৰ কলিতা আৰু ডিম্বেশ্বৰ কলিতাই।

সমগ্ৰ কাৰ্যক্ৰমণিকা পৰিচালনা কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, হাওৰাঘাট খণ্ডৰ সমন্বয়ক প্ৰবীন নাথে। অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ পৰাই আকাশ মুণ্ডা আৰু ক্লেৰি লেক্‌থেপীক ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত কৰা হয় ।

Also Read: ভাৰত-মালয়েছিয়াৰ ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ

hauraghat