আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস...

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস। ২০২৩ চনৰ আজিৰ দিনটোতে ইতিহাস ৰচিছিল ভাৰতে। সেয়ে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ উদযাপনৰ বাবে আজিৰ দিনটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে।

২০২৩ চনৰ ২৩ আগষ্টত ভাৰত চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছিল। চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিছিল লেণ্ডাৰ বিক্ৰমে। সেই উপলক্ষে মহাকাশ বিভাগে আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসত সমগ্ৰ দেশতে ব্যাপক উদযাপন কৰিব।

চন্দ্ৰযান-৩ৰ সফল অৱতৰণ উদযাপনৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘চন্দ্ৰ স্পৰ্শ কৰি জীৱনক স্পৰ্শ কৰা: ভাৰতৰ মহাকাশ কাহিনী’। উল্লেখ্য যে, ২০২৩ চনৰ ১৪ জুলাইত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হৈছিল।

২৩ আগষ্টৰ সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰযান-৩ৰ লেণ্ডাৰখনে অৱতৰণৰ বাবে লক্ষ্য কৰি লোৱা ৪.৫ কিলোমিটাৰ বহল অঞ্চলটোৰ কেন্দ্ৰৰ ওচৰতে তললৈ নামি যায়। সেই বিন্দুৰ পৰা ৩০০ মিটাৰ (৯৮৫ ফুট) ভিতৰত সফল অৱতৰণ কৰে লেণ্ডাৰ বিক্ৰমে। ইয়াৰ লগে লগে ৰাছিয়া, আমেৰিকা, চীনক পিছ পেলাই ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দি অভিলেখ গঢ়িছিল ভাৰতে।

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস...
ধেমাজিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস ও জিলা পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in