কাজিৰঙাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন...

কাজিৰঙাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা: বৃহস্পতিবাৰে ভাৰতে উদযাপন কৰিছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। প্ৰতি বছৰে ২৯ আগষ্ট তাৰিখে পালন কৰা হয় এই দিৱস৷ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালনৰ উদ্দেশ্য হৈছে মেজৰ ধ্যানচান্দৰ লিগেছি উদযাপন কৰা আৰু ভাৰতীয় লোকৰ জীৱনত ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আৰু লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰা ৷

কাজিৰঙাৰ দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যতীন বৰদলৈৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ মাজত উদযাপন কৰিছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ ক্ৰীড়া অনুশীলনৰ বাবে যথোপযুক্ত ব্যৱস্থা নথকা স্বত্বেও গ্ৰামাঞ্চলৰ খেলপথাৰত অনুশীলন কৰি বিকশিত হৈছে অসমৰ বহু প্ৰতিভা৷ শেহতীয়াকৈ বোকাখাতৰ উমা ছেত্ৰী, গোলাঘাটৰ লাভলিনাই জ্বিলিকাই তুলিছে জিলাখনক ৷ তেনেস্থলত বৃহত্তৰ কাজিৰঙা অঞ্চলত নাই এখনো উন্নত মানদণ্ডৰ খেলপথাৰ৷

ক্ৰীড়া দিৱসৰ দিনটোতে চৰকাৰলৈ অনুৰোধ বৃহত্তৰ কাজিৰঙা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ বাবে এখন উন্নত মানদণ্ডৰ খেলপথাৰৰ ব্যৱস্থা কৰক ৷ অন্যথা ছাত্ৰ-ছাত্ৰী সকলৰ লুকাই থকা প্ৰতিভা, প্ৰতিভা হৈয়ে ৰব৷ এগৰাকী শিশুৰ মানসিক বিকাশত খেলৰ গুৰুত্ব অপৰিসীম সেয়েহে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ আপ্ৰাণ চেষ্টা চলাইছে বিদ্যালয় কৰ্তৃপক্ষই ৷

কাজিৰঙাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন...
কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন আৰু আলোচনাচক্ৰ সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in