ইটানগৰত প্ৰকৃতিৰ তাণ্ডৱ...

ৰাষ্ট্ৰীয় ঘাইপথত নদীৰ দৰে বৈছে বৰষুণৰ পানী
ইটানগৰত প্ৰকৃতিৰ তাণ্ডৱ...
Published on
Updated on

ডিজিটেল সংবাদ, ইটানগৰ: দেওবাৰে পুৱা ১০ বজাৰ পৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত হোৱা প্ৰৱল বৰষুণৰ ফলত চহৰখনত এক প্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হৈছে। ইটানগৰ-নাহৰলগুন সংযোগী ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নদীৰ দৰে বৈছে বৰষুণৰ পানী।

পানীৰ সোঁতত পথেৰে গৈ থকা বাহন উটি যোৱা পৰিলক্ষিত হয়। লগতে বহু স্থানত গছ বাগৰি পৰা লগতে ইতিমধ্যে বিভিন্ন স্থানত ভূমিস্খলন হোৱা বুলি জানিব পৰা গৈছে।

ইটানগৰৰ নীতিবিহাৰ অঞ্চলত পথৰ কাষত ৰখাই থোৱা বাহনো কোনোমতে পাহাৰৰ শিলৰ পৰা ৰক্ষা পৰে। ইটানগৰৰ টাগিন কলনীৰ পৰা ১২ খনকৈ স্কুটী বৰষুণৰ পানীত উটি যায়।

ইটানগৰত প্ৰকৃতিৰ তাণ্ডৱ...
নগাঁও প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in