কেৰালাত প্ৰকৃতিৰ কালৰূপ! ভূমিস্খলনত ২৪গৰাকীকৈ লোকৰ মৃত্যু...

কেৰালাত প্ৰকৃতিৰ কালৰূপ! ভূমিস্খলনত ২৪গৰাকীকৈ লোকৰ মৃত্যু...

Published on

ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত নিহত হৈছে ২৪গৰাকীকৈ লোক। মুন্দুকই, ছুৰলমালা চহৰৰ বহু ঘৰ-দুৱাৰ বাহন বৰ্তমান খহনীয়া মাটিৰ তলৰ। উদ্ধাৰকাৰী দলে নিৰন্তৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। নেৰানেপেৰা বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত কিছু ব্যঘাত জন্মা বুলি সদৰি কৰিছে কেৰালা দুৰ্যোগ প্ৰশমন বিভাগে।

ইফালে এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শোক প্ৰকাশ কৰি সহায়ৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত নিহত সকললৈ ২লাখ আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ সাহায্যৰ ঘোষণা কৰিছে।

সমগ্ৰ ঘটনাক শোকাৱহ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে সকলো প্ৰকাৰৰ সহায় আশ্বাস দিয়াৰ লগতে ক্ষতিগ্ৰস্তসকলক সৰ্বতো প্ৰকাৰৰ সহযোগিতাৰ নিৰ্দেশ দিয়ে। কেৰালাৰ মুখ্যমন্ত্ৰীকো ফোনযোগে এই ঘটনাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে।

কেৰালাৰ প্ৰতিকূল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইখন ৰেল চলাচল বন্ধ ঘোষণা কৰিছে ৰেল বিভাগে।

বাতিল কৰা ৰেল কেইখন হৈছে-

1) Train No. 16305 Ernakulam - Kannur Intercity Express will be short terminated at Thrissur.

2) Train No. 16791 Tirunelveli - Palakkad Palaruvi Expres will be short-terminated at Aluva.

3) Train No. 16302 Thiruvananthapuram - Shoranur Venad Express will be short-terminated at Chalakkudy.

উল্লেখ কৰা প্ৰয়োজন যে, মৃতকৰ সংখ্যা আৰু অধিক বৃ্দ্ধি পোৱাৰ সম্ভাৱনা আছে। বৰ্তমানলৈ ৭০গৰাকী লোক আহত হোৱাৰ তথ্য সদৰি কৰিছে প্ৰশাসনে।

কেৰালাত প্ৰকৃতিৰ কালৰূপ! ভূমিস্খলনত ২৪গৰাকীকৈ লোকৰ মৃত্যু...
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লেখিকা সংগঠক অনুপমা বড়া গগৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতিচাৰণ সভা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in