ডিজিটেল ডেস্ক : নীতিশ কুমাৰৰ জনতা দলে (সংযুক্ত) বিহাৰত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এন ডি এ) ৰাজ্যসভাত এক সৰু বিফলতাৰ সন্মুখীন হৈছে। নীতিশ কুমাৰৰ জনতা দল জেডি(ইউ)ৰ ৰাজ্যসভাত উপ-অধ্যক্ষ হৰিবংশকে ধৰি পাঁচজন সাংসদ আছে।
ৰাজ্যসভাৰ বৰ্তমানৰ আসনৰ সংখ্যা হৈছে ২৩৭ খন। বৰ্তমান আঠটা পদ খালী আছে – জম্মু আৰু কাশ্মীৰৰ পৰা চাৰিটা, ত্ৰিপুৰাৰ পৰা এটা আৰু তিনিটা মনোনীত প্ৰাৰ্থীৰ। ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৯। উল্লেখ্য যে ৰাজ্যসভাত এনডিএৰ বৰ্তমানৰ আসন ১১৫ খন, য'ত পাঁচজন মনোনীত সাংসদ আৰু এজন নিৰ্দলীয় প্ৰাৰ্থী আছে। জেডি(ইউ) আঁতৰি যোৱাৰ পিছত, এন ডি এৰ সংখ্যা ১১০ লৈ হ্ৰাস হৈছে। অৰ্থাৎ সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ ৯খন আসন কম হৈ আছে।
উল্লেখ্য যে যদি পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ'লে চৰকাৰে শীতকালীন অধিৱেশনৰ আগতে আৰু তিনিজন সাংসদ মনোনীত কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে। বিজেপিয়ে ত্ৰিপুৰা আসনত জয়ী হোৱাৰ সম্ভাৱনা আছে। বিজেপিক গুৰুত্বপূৰ্ণ বিধেয়কৰ ক্ষেত্ৰত বিজেডি আৰু ৱাই.এছ.আৰ.চি.পিৰ সমৰ্থনৰ প্ৰয়োজন হ'ব। এই দল সমূহৰ প্ৰতিজনৰ ৯ জনকৈ সাংসদ আছে।
আৰু পঢ়ক : বানৰ পাছত গৰাখহনীয়া অব্যাহত, উন্মুক্ত হৈ পৰাৰ সম্ভাৱণা ভাৰত বাংলাদেশ সীমান্ত…