বৰষুণত সম্পূৰ্ণ ফিল্ডখন ঢাকিব নোৱাৰা ঠাইত বিশ্বকাপ কিয় পাতিছেঃ আই চি চিক প্ৰশ্ন...

বৰষুণত সম্পূৰ্ণ ফিল্ডখন ঢাকিব নোৱাৰা ঠাইত বিশ্বকাপ কিয় পাতিছেঃ আই চি চিক প্ৰশ্ন...
Published on
Updated on

ডিজিটেল ডেস্কঃ বৰষুণৰ বাবে টি-২০বিশ্বকাপ ২০২৪ৰ ইখনৰ পাছত সিখন মেচ বাতিল হৈছে। ফ্লৰিডাত প্ৰথমে শ্ৰীলংকা আৰু নেপালৰ মাজত হব লগা মেচ খন বৰষুণৰ বাবে বাতিল হোৱাৰ পাছতে আমেৰিকা- আয়াৰলেণ্ড, ভাৰত-কানাডাৰ মাজত অনুষ্ঠিত হবলগীয়া দুখন মেচো বাতিল কৰিব লগা হয়।

ফ্লৰিডাত গ্ৰুপ ষ্টেজৰ ৪খন খেলৰ ভিতৰত ৩খন খেলেই বাতিল হোৱাৰ পিছত এইবাৰ আই চি চিক সমালোচনা কৰা দেখা গল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে। প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে আই চি চি আইক জবাবদিহি কৰি প্ৰশ্ন কৰে যে, আই আই চিয়ে কি পৰিকল্পনা কৰি এনে স্থানত মেচ অনুষ্ঠিত কৰিছিল, যিঠাইত সম্পূৰ্ণ ফিল্ডখন ঢাকিব পৰা সক্ষমতা নাই। বৰষুণ দিয়াৰ সময়ত কেৱল মাত্ৰ পিছখন ঢাকি সম্পূৰ্ণ ফিল্ডখন মুকলিকৈ থৈ দিলে মেচ কেনেকৈ খেলিব পাৰে?

উল্লেখ কৰা প্ৰয়োজন যে, ফ্লৰিডাত অনুষ্ঠিত হবলগীয়া ৪খন খেলৰ ভিতৰত ৩খন খেল বাতিল হৈছে যদিও আজি অন্তিমখন খেল অনুষ্ঠিত হোৱাৰ কথা। কিন্তু বতৰে সময়ত কি খেলা দেখাই সেয়া সময়েহে কব। আজিৰ খেলখন পাকিস্তান আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in