স্থগিত NEET-PGপৰীক্ষা, অচিৰেই ঘোষণা হ’ব নতুন তাৰিখ...

স্থগিত NEET-PGপৰীক্ষা, অচিৰেই ঘোষণা হ’ব নতুন তাৰিখ...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশৰ শিক্ষাখণ্ডত এটাৰ পিছত এটা বিসংগতি। NEET-UGC ৰ বিসংগতিৰ কথা উৰ নপৰোতেই এইবাৰ NEET-PG। সাময়িকভাৱে স্থগিত ৰখা হৈছে NEET-PG প্ৰৱেশ পৰীক্ষা ৷

NEET-PG পৰীক্ষা স্থগিত ৰখাৰ কথা পৰীক্ষা অনুষ্ঠিত হোৱা এদিন পূৰ্বে শনিবাৰে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে ৷ আজি অৰ্থাৎ ২৩জুনত অনুষ্ঠিত হ'বলগীয়া আছিল এই পৰীক্ষা।

পৰীক্ষাৰ নতুন তাৰিখ অচিৰেই ঘোষণা কৰা হ’ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ৷ ছাত্ৰ-ছাত্ৰীৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে নেশ্যনেল টেষ্টিচিং এজেঞ্চি(NTA)ৰ সঞ্চালক প্রধানৰ দায়িত্বৰ পৰা সুবোধ কুমাৰ সিঙক অব্যাহতি দিয়া হৈছে। NEET-UGC বিসংগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অব্যাহতি দিয়ে সঞ্চালক প্ৰধানগৰাকীক। প্ৰাক্তন আই এ এছ প্ৰদীপ সিং খাৰোলাক NTA প্ৰধানৰ দায়িত্ব প্ৰদান কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in