NEET কেলেংকাৰীঃ বৰ্তমানলৈ ১৯গৰাকীক গ্ৰেপ্তাৰ, ১১০শিক্ষাৰ্থীক অযোগ্য ঘোষণা...

NEET কেলেংকাৰীঃ বৰ্তমানলৈ ১৯গৰাকীক গ্ৰেপ্তাৰ, ১১০শিক্ষাৰ্থীক অযোগ্য ঘোষণা...
Published on
Updated on

ডিজিটেল ডেস্কঃ NEET-UGৰ কেলেংকাৰীক লৈ আৰম্ভ কৰা তদন্তত এজনৰ পিছত সিজন লোক গ্ৰেপ্তাৰ হৈছে। যোৱা দেওবাৰৰে পৰা এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আয়ে গ্ৰহণ কৰাৰ পাছত তদন্ত প্ৰক্ৰিয়া আৰু অধিক তীব্ৰতৰ হৈছে। ইফালে বিহাৰ আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল কৰাৰ অপৰাধত ৫গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।  

বৰ্তমানলৈ এই কেলেংকাৰীত জড়িত ১৯গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰ আৰক্ষীয়েও লাতুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এগৰাকী শিক্ষকক। এই শিক্ষকগৰাকীৰ ফোনৰ পৰা নীটৰ পেপাৰ আৰু পেপাৰৰ বাবদ ধনৰ লেনদেন কৰাৰ তথ্য পোৱা গৈছে।

আনফালে এই কেলেংকাৰীৰে পৰীক্ষাত বহা বহুকেইগৰাকী শিক্ষাৰ্থীকো তদন্তৰ আওতালৈ অনা হব। এন টি এৰ তৰফৰ পৰা ৬৩গৰাকী শিক্ষাৰ্থীক দেওবাৰে পুনৰ অযোগ্য ঘোষণা কৰে। এতিয়ালৈকে ১১০গৰাকী শিক্ষাৰ্থীক অযোগ্য ঘোষণা কৰা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ চি বি আয়ে ভাৰতীয় আইনবিধি অনুসৰি ধাৰা ২০(বি) আৰু ৪২০ৰ ভিত্তিত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে বিহাৰ আৰু গুজৰাট চৰকাৰে আৰক্ষীৰ ওচৰত ৰুজু কৰা সকলো গোচৰ চিবিআইলৈ প্ৰেৰণ কৰিছে।

ইফালে বিহাৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা ৫গৰাকী লোকৰ নাম ৰাজহুৱা কৰিছে আৰক্ষীয়ে। তেওঁলোক হৈছে- বলদেৱ কুমাৰ, মুকেশ কুমাৰ, পংকু কুমাৰ, ৰাজীৱ কুমাৰ আৰু পৰমজিত সিং। তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে এই পৰীক্ষাৰ বিসংগতিবোৰ দূৰ কৰাৰ উদ্দেশ্যেৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে আজি এক বিশেষ বৈঠকৰো আয়োজন কৰিছে। এই বৈঠকৰ অধ্যক্ষতা কৰিব পূৰ্ব ইছৰো অধ্যক্ষ ৰাধাকৃষ্ণনে।

NEET কেলেংকাৰীঃ বৰ্তমানলৈ ১৯গৰাকীক গ্ৰেপ্তাৰ, ১১০শিক্ষাৰ্থীক অযোগ্য ঘোষণা...
অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনঃ সৰ্বদলীয় বৈঠকৰ অবিহনেই আৰম্ভ কাম-কাজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in