নাৰেংগীত নেপালী ভাষাৰ‌ ভাষা মান্যতা দিৱস উদযাপন

নাৰেংগীত নেপালী ভাষাৰ‌ ভাষা মান্যতা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
নাৰেংগীত নেপালী ভাষাৰ‌ ভাষা মান্যতা দিৱস উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটী: মঙলবাৰে প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা-সংস্কৃতি উন্নয়ন পৰিষদৰ সৌজন্যত মহানগৰীৰ নাৰেংগীৰ গনেশ মন্দিৰ ভৱনত নেপালী ভাষাৰ‌ ৩৩ সংখ্যক ভাষা মান্যতা দিৱস উদযাপন কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে লেখিকা ‌কল্পনা চেত্ৰীয়ে ।

ইয়াৰ পিছতে পৰিষদৰ সভাপতি কৃষ্ণ কুমাৰ সাপকোটাৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু স্বাগতম ভাষণ প্ৰদান কৰে উন্নয়ন পৰিষদৰ সাহিত্য সংযোজক ইয়েম বাহাদুৰ চেত্ৰীয়ে। সভাত বালাকৃষ্ণ শৰ্মা পোড়েল ৰচিত কবিতা সংকলন "সাজ কা সুসকে ৰাহুৰু" উন্মোচন কৰি অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নৱ সাপকোটাই‌ কয়- কবিসকল মহান। কবিয়ে বিচাৰি ফুৰে মানুহৰ মমতা ।

সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা লেখক দীপক শৰ্মাই কয়- অসম ভিন ভিন জাতি-জনগোষ্ঠীৰে ভৰপূৰ। সকলো জাতি-জনজাতীয়ে মিলা-প্ৰীতিৰে থাকিব লাগে। সমন্বয়-সংহতিৰে বসবাস কৰিলে এখন ৰাজ্য আগুৱাই যাব‌ পাৰে। বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ তথা অসম ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়ে নিজৰ ভাষণত কয়- নেপালী ভাষাৰ‌ -সাহিত্য যথেষ্ট উন্নত মানৰ। নতুন প্ৰজন্মই নেপালী ভাষাত অনেক সাহিত্য সৃষ্টি কৰিব পাৰে।

সভাত ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাষ্ট্ৰীয় সচিব প্ৰকাশ দাহাল, নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদৰ সভাপতি ইন্দ্ৰ সাপাদায়, অসম গোৰ্খা সন্মিলনী কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ইউৰাজ গোৰ্টোলা, সম্পাদক বাসুদেৱ প্ৰধান, সমাজকৰ্মী বিপুল শৰ্মা, বিৰকুছি হৰি হৰি তালিকা টিজ সমিতিৰ সভানেত্ৰী দেৱা বসুমতাৰী, কৃষ্ণ প্ৰসাদ উপাধ্যায়, মোহন শৰ্মা, দুৰ্গা প্ৰসাদ শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ লৈ নেপালী ভাষাৰ অতীত, বৰ্তমান, ভৱিষ্যৎ সম্পৰ্কে আলোচনা কৰে। সমবেত সংগীতেৰে আৰম্ভ কৰা সভাত বিভিন্ন জনে গীত -মাত, নৃত্য পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।

Also Read: গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক

narengi