/asomiyapratidin/media/media_files/2025/06/29/268-2025-06-29-13-34-37.jpg)
‘বিগ্ৰায়াৰী’ৰ শুভ মহুৰত সম্পন্ন
ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বৰমাৰ ওচৰৰ খাৰুৱাত বি দাউগাছাৰ ফিল্ম প্ৰডাকচন এন ই ইণ্ডিয়ান মোচন পিকচাৰৰ ৮ নং আৰু ৰাজ কছাৰীৰ "বিগ্ৰায়াৰী" ( বিপ্লৱী ) শীৰ্ষক বড়ো বোলছবিৰ শুভ মহুৰত সম্পন্ন কৰা হয় । বোলছবিখনৰ নিৰ্মাতা আৰু নিৰ্দেশক হৈছে ৰাজ কছাৰী।
কছাৰীয়ে জানিবলৈ দিয়া মতে বোলছবিত অভিনয় কৰিব ক্ৰমে অনসুমা বসুমতাৰী, সুৰজিত দেউৰী, নেনা বসুমতাৰী, হিৰামণি বসুমতাৰী, যোগেশ বসুমতাৰী, অনজিমা ৰামচিয়াৰী, দশৰথ বড়ো, মিজিং বসুমতাৰীৰ লগতে ন-পুৰণি শিল্পীসকলে। বোলছবিৰ চিত্ৰগ্ৰহণ কৰিব বাক্সা জিলাৰ বড়ো গাঁৱৰ পৰিবেশ আৰু ভূটানৰ পাহাৰবোৰত।
বোলছবিখন মূলত বড়োসকলৰ ৰাজনৈতিক সমস্যাৰ সন্দৰ্ভত নিৰ্মাণ কৰা হ’ব বুলি ৰাজ কছাৰীয়ে জনায় । বোলছবিখনত কণ্ঠদান কৰিছে লৈথোমা বসুমতাৰী, ফুংজা বসুমতাৰী, ৰতন মেহেৰ বড়ো, জনালি স্বৰ্গীয়াৰী, ৰমেশ সোৰাং বড়ো আৰু জুবুকী বসুমতাৰীয়ে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us