বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫নৱেম্বৰৰ পৰা নতুন দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল...

বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫নৱেম্বৰৰ পৰা নতুন দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল...

author-image
Asomiya Pratidin
New Update
বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫নৱেম্বৰৰ পৰা নতুন দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল...

ডিজিটেল ডেস্কঃ অহা ১৫নৱেম্ববৰৰ পৰা নতুন দিল্লীত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হব দ্বাদশ সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্য্যটন ক্ষেত্ৰসমূহৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য অনুষ্ঠিত কৰা হব এই ফেষ্টিভেল।

এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলৰ লগত সংগতি পৰ্য্যটনৰ বিষয়ত আলোচনা-চক্ৰ অনুষ্ঠিত হব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই অংশ লব এই ফেষ্টিভেলত। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , জ্যোতিৰাদিত্য সিন্ধিয়া উপস্থিত থাকিব এই ফেষ্টিভেলত। 

শেহতীয়াকৈ এই ফেষ্টিভেলৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰে অনুষ্ঠানটোৰ শ্যামকানু মহন্তই। শেহতীয়াকৈ এই ঘোষণা কৰি মহন্তই কয়- দিল্লীস্থ সকলো ৰাইজকে অহা ১৫, ১৬ আৰু ১৭ নৱেম্বৰত ইণ্ডিয়া গেটৰ সমীপৰ নেশ্যনেল ষ্টেডিয়ামলৈ নিমন্ত্ৰণ জনাইছো। আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ে নৰ্থ ইষ্ট ফেষ্টিভেলক বিভিন্ন প্লেটফৰ্মত প্ৰচাৰ কৰিছে। ক্ষুদ্ৰ উদ্যোগ মন্ত্ৰণালয়ে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লোৱা উদ্যমীসকলক অহা-যোৱাৰ খৰচৰ লগতে বিপনীৰ খৰচ দিব বুলি ঘোষণা কৰিছে। প্ৰায় ৭খন ৰাজ্যৰ উদ্যোগ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীসকলে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'ব। পাহাৰীয়া ৰাজ্যসমূহৰ সহায় আৰু মৰমৰ বাবে মই চিৰদিনেই কৃতজ্ঞ। বহু পৰ্যটক ইয়ালৈ আহিব। প্ৰতিবাৰৰ দৰেই ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত ব্যাপক চৰ্চা হ'ব।

নতুন দিল্লী