ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন তিতাবৰ লীলাকান্ত বৰুৱা খেলভৱনত অনুষ্ঠিত হয়। সন্থাৰ সভাপতি কুমুদ চন্দ্ৰ কছাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক মনজিৎ হাজৰিকাই পূৰ্বৰ বার্ষিক সাধাৰণ সভাৰ কাৰ্য বিৱৰণী আৰু কাৰ্যনিৰ্বাহক সমিতিৰ হৈ সম্পাদকীয় প্রতিবেদন দাখিল কৰে।
আনহাতে,২০২১ চনৰ পৰা ২০২৪ চনলৈকে সন্থাৰ বিত্তীয় হিচাপো সভাত দাখিল কৰা হয়। সভাত সম্পাদকীয় প্রতিবেদন আৰু বিত্তীয় হিচাপ সর্বসম্মতি ক্ৰমে গৃহীত কৰা হয়। ইফালে এই সভাতে তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ সংবিধানৰ নীতি অনুসৰি আগন্তুক চাৰি বছৰৰ বাবে সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিটিখনো গঠন কৰা হয়।
সন্থাৰ অন্তৰ্গত ৫ টা ক্লাৱৰ প্ৰতিনিধি উপস্থিত থকা সভাত সৰ্বসন্মতি ক্ৰমে কুমুদ চন্দ্ৰ কছাৰীক সভাপতি, হেমকান্ত দত্তক কাৰ্যকৰী সভাপতি,মনজিৎ হাজৰিকাক সাধাৰণ সম্পাদক আৰু ৰংমন পায়েঙক কোষাধ্যক্ষ হিচাপে লৈ ৭জনীয়া সমিতি গঠন কৰা হয়। সভাত পৰ্যবেশক হিচাপে উপস্থিত থাকে ইউনিফাইড কাৰাটে সন্থা,অসম(উ'কা)ৰ যুটীয়া সম্পাদক ধৰ্মকান্ত তামুলী।
Also Read: মণিপুৰ আৰক্ষীৰ সফলতা: অস্ত্ৰশস্ত্ৰ সহ ১১জনক গ্ৰেপ্তাৰ