ডিজিটেল সংবাদ, নতুন দিল্লী : নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত শনিবাৰে মিছিং ছাত্ৰ সংন্থা, নতুন দিল্লীৰ উদ্যোগত নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয় ৷ দিল্লীত অধ্যয়নৰ বাবে অহা নৱাগত মিছিং জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে সংগঠনটোৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় বুলি আয়োজক সমিতিয়ে জনায় ৷
উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দিল্লী চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰবীনচন মিলি ৷ ইয়াৰোপৰি অনুষ্ঠানত উপস্থিত থাকে দিল্লী মিছিং কেবাংৰ সভাপতি মনোৰঞ্জন দলে আৰু টি এম পি কে সাধাৰণ সম্পাদক চান পায়িং ৷
অনুষ্ঠানত নৱাগতসকলে বিভিন্ন গীত- মাতৰ লগতে নৃত্য পৰিৱেশন কৰি উপস্থিত অভ্যাগতসকলক আমোদ দিয়ে।
Also Read: বিহালীৰ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ ৰকিবুল হুছেইন