ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি মানেই যেন দায়িত্বহীনতা! যাৰ বাবে সাধাৰণ ৰাইজৰ চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা আহি পৰিলেই হুমুনিয়াহ কাঢ়িবলগীয়া হয়। এই অভিযোগ দীৰ্ঘদিনীয়া।
আনহাতে একাংশ চৰকাৰী চাকৰিয়ালে চৰকাৰী সময়সূচীৰ বিপৰীতে নিজৰ ইচ্ছানুসৰি কাৰ্যালয়লৈ অহা, অকৰ্তৃত্বশীল ভাৱে কাৰ্যালয়ত উপস্থিত নথকা আদি অতি চিনাকী দৃশ্য। কিন্তু এনে সুবিধাবাদী, পালমৰা চৰকাৰী চাকৰিয়ালৰ সুখৰ দিন অন্ত পৰাৰ দিশে।
কিয়নো চৰকাৰী চাকৰিয়ালে পালন কৰিব লাগিব কঠোৰ নিয়মাৱলী। ৰাজ্য চৰকাৰৰ চাকৰিয়াল বা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল বুলি কোনো কথা নাই, সকলোৱে পালন কৰিব লাগিব এই কঠোৰ নিয়ম।
কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে নতুন শ্ৰম নীতি। এই নতুন নিয়ম অনুসৰিয়েই এতিয়াৰে পৰা চৰকাৰী চাকৰি আৰু ব্যক্তিগতখণ্ডৰ চাকৰিৰ মাজত নাথাকিব বিশেষ প্ৰাৰ্থক্য।
প্ৰকাশিত খবৰ অনুসৰি ২০২৩ ৰ ১ জানুৱাৰীৰ পৰা নতুন শ্ৰম নীতি আৰম্ভ হ’ব। এই নতুন শ্ৰম নীতি অনুসৰিয়েই চৰকাৰী কৰ্মচাৰীয়ে যদি চৰকাৰী নীতি-নিয়ম অমাণ্য কৰে, কৰ্মদক্ষতা দেখুৱাব নোৱাৰে অথবা নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিতিৰ ক্ষেত্ৰত বিসংগতিয়ে দেখা দিয়ে তেন্তে তেওঁলোকক বৰ্খাস্ত কৰা হ'ব চাকৰিৰ পৰা।
একেই নিয়ম কাৰ্যকৰী কৰা হব দুৰ্নীতি, অপৰাধ আদিত জড়িতসকলৰ ক্ষেত্ৰতো। তেওঁলোকে লাভ নকৰিব ক্ষতিপূৰণ। ইয়াৰোপৰি নতুন শ্ৰম নীতি অনুসৰি আধাতে চাকৰি এৰিবলগীয়া হোৱা কৰ্মচাৰীয়ে বাকী থকা চাকৰি জীৱনৰ বাবে পাবলগীয়া প্ৰাপ্য দৰমহা মজুৰি হিচাপে লাভ কৰিব।
কিন্তু কোনো কৰ্মচাৰী যদি শাস্তিমূলক ভাৱে বৰ্খাস্ত হয় তেন্তে তেনে কৰ্মচাৰীয়ে চৰকাৰৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰিব। এই নতুন শ্ৰম নীতি অনুসৰি চৰকাৰে যিকোনো সময়তে এজন কৰ্মচাৰীক বৰ্খাস্ত কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নিয়মৰ বিৰোধিতা কৰিছে বিৰোধী দলসমূহে। বিৰোধী দলসমূহৰ মতে এই নীতিয়ে চাকৰিৰ স্থায়িত্ব নোহোৱা কৰিব।
চৰকাৰী চাকৰি আৰু বেচৰকাৰী চাকৰিৰ মাজত নাথাকিব কোনো প্ৰাৰ্থক্য। চাকৰি মানেই হৈ পৰিব কেৱল অনিশ্চয়তা।ইতিমধ্যে ভাৰতীয় ৰে'ল বিভাগত এই নতুন নিয়ম প্ৰয়োগ কৰা হৈছে। যাৰ পৰিণতিত ১৩৯ গৰাকী উচ্চ পদস্থ বিষয়াক বৰ্খাস্ত কৰা হৈছে।
আনহাতে কেইবাখনো ৰাজ্যৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নীতি পালন কৰিবলৈ আগ্ৰহী বুলিও প্ৰকাশ পাইছে।
ক্লিক কৰি পঢ়কঃ মাজবাটৰ ৰাজপথলৈ নামি আহিল কাল ! একে সময়তে ৩ টাকৈ দুৰ্ঘটনাত ৪ জনৰ মৃত্যু