ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডত সুদীর্ঘ দিন ধৰি এগৰাকী স্থায়ী উন্নয়ন খণ্ড বিষয়াৰ অভাৱত খণ্ডটোৰ উন্নয়নমূলক কাম কাজত স্থবিৰতাই দেখা দি আহিছিল।
উল্লেখ্য যে, উন্নয়ন খণ্ডটোৰ অন্তৰ্গত ৯ খন গাঁও পঞ্চায়তৰ চৰকাৰী আঁচনি সফল ৰূপায়নত দেখা দি অহা এনে প্ৰশাসনিক প্ৰতিবন্ধকতা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কৰি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া গৌৰৱ জ্যোতি বৰুৱাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস , ঢকুৱাখনা বিধানসভা সমষ্টিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণলৈ ৰাজহুৱা স্বাৰ্থ জড়িত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ।
ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে যথোচিত গুৰুত্ব আৰোপ কৰি উন্নয়ন খণ্ডটোত শুক্ৰবাৰে এগৰাকী খণ্ড উন্নয়ন বিষয়াক নিযুক্তি দিয়ে । এন এল / ডি আৰ ডি এ / এল ই-৫৬ পি/২০২০-২০২১ /১২৫ এ নং এক নিৰ্দেশনা জাৰি কৰি লখিমপুৰ জিলা উপায়ুক্ত শোণিত সত্যৱানে শুক্ৰবাৰে পূৰ্ণিমা শইকীয়া দত্তক খণ্ডটোৰ উন্নয়ন বিষয়া হিচাবে নিযুক্তি দিয়ে।
সম্প্ৰতি জিলাখনৰ নাওবৈছা উন্নয়ন খণ্ডত সহকাৰী খণ্ড উন্নয়ন বিষয়া হিচাবে কৰ্মৰত শইকীয়া দত্তক চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰি যাবলৈ নিৰ্দেশনাত উল্লেখ কৰে।
সমান্তৰাল ভাৱে উপায়ুক্ত গৰাকীয়ে পূৰ্বে সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকাক প্ৰদান কৰা ভাৰপ্ৰাপ্ত দায়িত্ব বাতিল কৰিছে। নৱ নিযুক্ত খণ্ড উন্নয়ন বিষয়া গৰাকীৰ যোগদানে খণ্ডটোত উন্নয়নৰ দিশ তৰান্বিত কৰিব বুলি অঞ্চলবাসী আশাবাদী ।