বকোত বাতৰি কাকতৰ টোপোলা চুৰি...

চোৰটো বকো টুপামাৰীৰ ছিদ্দিক আলী বুলি জানিব পৰা গৈছে
Newspaper Thief
Newspaper Thief
Published on
Updated on

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত বাতৰি কাকতৰ টোপোলা চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে শনিবাৰে পুৱাতে বকো থানাৰ অন্তৰ্গত বনগাঁও বজাৰ চ'কত থকা শান্তি নিজৰা নামৰ বাতৰি কাকত বিক্ৰী প্ৰতিষ্ঠানৰ পৰা বাতৰি কাকতৰ টোপোলা চুৰি হয় ।

শান্তি নিজৰাৰ স্বত্বাধিকাৰী জয়ন্ত মেধিয়ে চি চি কেমেৰাৰ ফুটেজ নিৰীক্ষণ কৰি কাকতৰ টোপোলা চুৰি কৰা চোৰটোক বনগাঁও বজাৰ চ'কৰ সমীপৰ বামুণীগাঁও বজাৰ চ'কত ধৰি আৰক্ষীক গোটাই দিয়ে । চোৰটো বকো টুপামাৰীৰ ছিদ্দিক আলী বুলি জানিব পৰা গৈছে ।

ছিদ্দিক আলী বকো আগছিয়াৰ সাগৰ আলীৰ ডেম্পৰ কৰ্মচাৰী বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, বকো আৰক্ষীয়ে ছিদ্দিক আলীক জে'ললৈ প্ৰেৰণ কৰিছে যদিও ডেম্পৰ মালিক সাগৰ আলিক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই ।

অন্যহাতে পূৰ্বেও বনগাঁও বজাৰ চ'কৰ শান্তি নিজৰা নামৰ বাতৰি কাকত বিক্ৰী কৰা প্ৰতিষ্ঠানৰ বাতৰি কাকতৰ টোপোলা চুৰি হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in