আজিৰে পৰা ৰাজ্যত আৰম্ভ নিযুত মইনা আঁচনি...

আজিৰে পৰা ৰাজ্যত আৰম্ভ নিযুত মইনা আঁচনি

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা ৰাজ্যত আৰম্ভ নিযুত মইনা আঁচনি...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰে। এই আঁচনিখনে অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি ১০ অক্টোবৰৰ ভিতৰত দিয়া হ’ব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। 

মুখ্যমন্ত্রীয়ে কয় যে, বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অপৈণত বয়সতে মাতৃত্ব লাভৰ দৰে সমস্যাৰ পৰা কন্যাসকলক ৰক্ষা কৰাৰ লক্ষ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। আনহাতে কন্যা- শিশুৰ মাজত নিহিত প্রতিভা বিকাশৰ ক্ষেত্ৰটো এই আঁচনিয়ে সহায় কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰিছে। মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলক চৰকাৰে নিৰন্তৰভাৱে শিক্ষা গ্রহণ কৰিবলৈ আর্থিক সাহায্য প্রদান কৰিলে দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃৰ আর্থিক বোজা হ্রাস পোৱাৰ লগতে বিদ্যালয়ৰ শিক্ষা আধাতে এৰা ছাত্রীৰ সংখ্যা হ্রাস পাব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।

সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ'বলগীয়া আঁচনিখনৰ অধীনত একাদশ শ্রেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী এহেজাৰ টকাকৈ, স্নাতক প্রথম বর্ষত নামভর্তি কৰা যোগ্য ছাত্রীয়ে ১০ মাহলৈ মাহিলী ১২৫০ টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভর্তি কৰা ছাত্রীয়ে ১০ মাহলৈ মাহিলী ২৫০০ টকাকৈ লাভ কৰিব।

ইপিনে অসম চৰকাৰে এটা বিজ্ঞপ্তিযোগে প্রকাশ কৰিছে যে স্নাতকোত্তৰ আৰু বি এড শিক্ষার্থীৰ বাহিৰে আন বিবাহিতা ছাত্রী কিম্বা চাকৰিয়াল বি এড শিক্ষার্থী, মন্ত্রী-সাংসদ-বিধায়কৰ কন্যা, বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটী লাভ কৰা ছাত্রীসকল এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব।

মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ দ্বাৰা এই আঁচনি শুভাৰম্ভ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। অনুষ্ঠানত জিলা আযুক্ত দেৱাশীষ শৰ্মাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তদুপৰি জিলাখনৰ ৫৬টা শিক্ষানুষ্ঠানত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

শোণিতপুৰ জিলাতো এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে আজিৰে পৰা প্ৰ- পত্র সংগ্ৰহ কৰাৰ বাবে আহ্বান জনোৱা হৈছে। আজি তেজপুৰ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ত্যাগৰীৰ হেমবৰুৱা মহাবিদ্যালয়ত বিধায়ক পদ্ম হাজৰিকাই এই আঁচনিৰ প্ৰ-পত্ৰসমূহ বিতৰণ কৰে।

ৰাজ্যৰ আন ঠাইৰ লগতে দৰং জিলাতো এই আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ হয়। এই উপলক্ষে ছিপাঝাৰ মহাবিদ্যালয়ত ছাত্ৰীসকলৰ মাজত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে আৰু মঙলদৈ মহাবিদ্যালয়ত ছাত্ৰীসকলৰ মাজত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে মঙলদৈৰ বিধায়ক বসন্ত দাসে। দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে দলগাঁৱত অৱস্থিত পণ্ডিত দীন দয়াল আদৰ্শ মহাবিদ্যালয়ত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে ।

ইপিনে আজি মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাবে আঁচনি উদ্বোধন কৰাৰ পাছতে কাৰ্বি আংলঙত ৩৩ খন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্রীসকলৰ মাজত আবেদন প্র-পত্র বিতৰণ কৰা হয়। এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ ৩৪২৫ গৰাকী ছাত্রী উপকৃত হ'ব বুলি কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্রকাশ কবে। তিনিচুকীয়া জিলাতো এই আঁচনিখন ৪০ খন মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাবে মুকলি কৰা হয়।

ডিগবৈ মহিলা মহাবিদ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক সুৰেন ফুকন আৰু জিলা আয়ুক্ত স্বপ্নীল পাল উপস্থিত থাকে। মাজুলী মহাবিদ্যালয় আৰু পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ত বৃহস্পতিবাৰে আঁচনি উদ্বোধনৰ উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত নিযুত মইনা আঁচনিৰ বাবে যোগ্য ছাত্রীসকলক প্র-পত্র বিতৰণ কৰা হয়। কৰিমগঞ্জ জিলাতো আজি এই আঁচনি মুকলি কৰা হয়।

Also Read: অভিনন্দন ভাৰতঃ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন পুৰুষ হকী দলৰ

HIMANATA BISWA SARMA nijut moina scheme