ডিজিটেল ডেস্কঃ পুনৰ সেই একেটা ভুল। ভুৱা খবৰ প্ৰচাৰৰ জৰিয়তে চিকিৎসাধীন অৱস্থাত থকা এজন জীৱিত ব্যক্তিক মৃত বুলি প্ৰচাৰ কৰা হ'ল।
অসমীয়া ছবিজগতৰ মহীৰূহ নিপন গোস্বামী সোমবাৰৰ পৰা নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে সোমবাৰে হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ অভিনেতাগৰাকীক।
অসুস্থা নিপন গোস্বামীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰেই তেওঁক ভৰ্তি কৰোৱা হৈছিল আই চি ইউত। এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে।
আজি তেওঁৰ কেইটাবাও গুৰুত্বপূৰ্ণ পৰীক্ষা কৰা হৈছে। চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশিত খবৰ মতে তেওঁ আজি কিছু পৰিমাণে আহাৰো গ্ৰহণ কৰিছে। পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত প্ৰবীণ অভিনেতাগৰাকী আৰু দুই বা তিনি দিন আই চি ইউতে থাকিব লাগিব।
সোমবাৰৰ তুলনাত মঙ্গলবাৰে অৰ্থাৎ আজি নিপন গোস্বামীৰ স্বাস্থ্যৰ কিছু উন্নতি হৈছে। তৎস্বত্ত্বেও একাংশ সংবাদ মাধ্যমত নিপন গোস্বামীৰ মৃত্যু হোৱা বুলি প্ৰচাৰ কৰাৰ সমান্তৰালকৈ ফেচবুকত কিছুমান পেজেও এই ভুৱা খবৰ প্ৰচাৰত কৰাত লিপ্ত হ'ল।
আনহে নালাগে শাসনাধিস্ত বিজেপি দলেও তেওঁলোকৰ অফিচিয়েল ফেচবুক পেজৰ জৰিয়তে নিপন গোস্বামীৰ মৃত্যুৰ খবৰত মৰ্মাহত হৈ শোক প্ৰকাশ কৰি এক শ্ৰদ্ধাঞ্জলি জনালে। চিকিৎসাধীন অৱস্থাত থকা স্বনামধন্য অভিনেতাগৰাকীৰ সম্পৰ্কে এইদৰে ভুৱা খবৰ বিয়পোৱা ঘটনাই স্বাভাৱিকতে সচতেন ৰাইজক আচৰিত কৰি তুলিছে।