শীঘ্ৰেই জম্মু-কাশ্মীৰে ঘূৰাই পাব ৰাজ্যৰ মৰ্যাদা !

author-image
Asomiya Pratidin
New Update
শীঘ্ৰেই জম্মু-কাশ্মীৰে ঘূৰাই পাব ৰাজ্যৰ মৰ্যাদা !

nirmala sitharaman

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰে পুনৰ ঘূৰাই পাব পাৰে ৰাজ্যৰ মৰ্যাদা! কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰক পুনৰ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ বিষয়ে অব্যাহত ৰাখিছে চিন্তা চৰ্চা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এক বক্তব্যত এই কথাৰ ইংগিত হোৱা গৈছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে শনিবাৰে নতুন দিল্লীৰ এক অনুষ্ঠানত কেন্দ্ৰই ৰাজ্যসমূহক দিয়া পুঁজিৰ বিষয়ে উল্লেখ কৰি ভাষণ দি থকাৰ মাজতে জম্মু-কাশ্মীৰে পুনৰ ৰাজ্যৰ মৰ্যাদা পাব পাৰে বুলি এক অস্পষ্ট ইংগিত প্ৰদান কৰিছে।

শনিবাৰে Centre-state relations — Cooperative Federalism: The Path Towards Atma Nirbhar Bharat শীৰ্ষক এক অনুষ্ঠানত ভাষণ দি নিৰ্মলা সীতাৰমণে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চতুৰ্দশ বিত্ত আয়োগৰ প্ৰতিবেদন সম্পূৰ্ৰপে গ্ৰহণ কৰিছে। সেয়েহে, ৰাজ্যবোৰক কৰৰ ৪৩ শতাংশ দিয়া হয়। ইয়াত বৰ্তমান ৪১ শতাংশ কম। কিয়নো জম্মু আৰু কাশ্মীৰ এতিয়া ৰাজ্য নহয়। সোনকালেই জন্মু-কাশ্মীৰ এখন ৰাজ্য হৈ পৰিব। হয়তো কিছু দিন পিছত।

তেওঁ পুনৰ কয়, -মই দুৰ্নীতি অবিহনে স্বচ্ছতাৰে মোৰ কাম কৰি আছো। মই বিজেপি শাসিত ৰাজ্য আৰু অ-বিজেপি শাসিত ৰাজ্যসমূহৰ মাজত পাৰ্থক্য নিবিচাৰো। সকলো মানুহে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে। তেওঁলোকৰ শক্তি আৰু চৰকাৰৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখিব লাগে। প্ৰধানমন্ত্ৰীয়ে সদায় ইয়াকেই কৈ আহিছে। আৰু সেয়েহে আমি সহযোগিতামূলক ফেডাৰেলিজমৰ কথা কৈছো।

বিত্তমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে এতিয়া ৰাষ্ট্ৰজুৰি চৰ্চা হৈছে, শীঘ্ৰেই কেন্দ্ৰই জম্মু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ পৰিকল্পনা কৰিছে। যাৰ ইংগিত বিত্তমন্ত্ৰীগৰাকীৰ ভাষ্যত পোৱা গৈছে।

Jammu Kashmir nirmala sitharaman