ডিজিটেল ডেস্ক : দুসপ্তাহত সপ্তম বাৰৰ বাবে জাপানলৈ লক্ষ্য কৰি বেলিষ্টিক মিছাইল প্ৰক্ষেপ কৰিলে উত্তৰ কোৰিয়াই । উত্তৰ কোৰিয়াৰ এই পৰীক্ষণমূলক মিছাইল প্ৰক্ষেপণৰ পাছত জাপানত ঘোষণা কৰা হয় জৰুৰীকালীন অৱস্থাৰ ।
এই সন্দৰ্ভত, জাপান চৰকাৰে দিয়া তথ্য অনুসৰি উত্তৰ কোৰিয়াই প্ৰক্ষেপন কৰা বেলিষ্টিক মিছাইল দুটাই প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল । জাপানৰ ইকনমিক জ'নৰ নিকটৱৰ্তী অঞ্চলত আহি পৰা মিছাইল দুটা অনুসন্ধানৰ পাছত ছাবমেৰিনৰ পৰা নিক্ষেপ কৰা হৈছিল বুলিও জানিবলৈ দিয়ে জাপান চৰকাৰে ।
আনহাতে, দক্ষিণ কোৰিয়াই চূড়ান্ত প্ৰৰোচনামূলক আখ্যা দিছে উত্তৰ কোৰিয়াৰ এই কাণ্ডক । ইয়াৰ উপৰিও আন্তৰাষ্ট্ৰীয় শান্তি ভংগৰো প্ৰচেষ্টা বুলি কোৱা হৈছে উত্তৰ কোৰিয়াৰ মিছাইল নিক্ষেপনক ।
উল্লেখ্য যে, চলিত বৰ্ষত অসংখ্য অস্ত্ৰৰ পৰীক্ষণ চলাইছে উত্তৰ কোৰিয়াই । যি সময়ত উত্তৰ কোৰিয়াই ইয়াক কেৱল দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সম্প্ৰসাৰণ আৰু শক্তি পৰীক্ষা বুলিহে কৈ আহিছে তেনে সময়ত আন্তৰ্জাতিক শান্তি চুক্তিৰো উলংঘা কৰিছে । আমেৰিকাৰ নেন্সী পেলোছিৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়তো টাইৱানলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল মিছাইল ।