ডিজিটেল ডেস্কঃ লখিমপুৰত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক বিপুল সম্বৰ্ধনা। সম্পাদকগৰাকীয়ে অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰে বিভিন্ন দল-সংগঠন তথা লখিমপুৰবাসীয়ে। মঙলবাৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উদ্দেশ্যেৰে আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ।
হেমকোষৰ ব্ৰেইল সংস্কৰণে বিশ্ব ৰেকৰ্ড গঢ়াৰ আঁৰত থকা সংস্কৰণটিৰ প্ৰকাশক জয়ন্ত বৰুৱাক উক্ত অনুষ্ঠানলৈ গায়ন-বায়ন, খোল-তালেৰে আদৰণি জনোৱা হয়। অনুষ্ঠানৰ পূৰ্বে সম্পাদক জয়ন্ত বৰুৱাই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেবানন্দ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই জিলাখনৰ ৬০ৰো উৰ্দ্ধৰ দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা জ্ঞাপন কৰা দল-সংগঠনসমূহ ক্ৰমে অসম জাতীয় পৰিষদ, জ্যেষ্ঠ নাগৰিক সন্থাৰ লখিমপুৰ সমিতি, কল্যাণী মহিলা সমাজ, নগৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থা, জেউতি ক্লাব, এল টি কে কলেজ, নকাড়ী ক্লাব, লখিমপুৰ জিলা ক্ৰীড়া সন্থা, টাই আহোম মহিলা পৰিষদ,
লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু, কোঁচ ৰাজবংশী সন্মিলন, লখিমপুৰ জিলা কংগ্ৰেছ কমিতি, লখিমপুৰ যুৱ কংগ্ৰেছ, টাইবেল ইউথ লিগ, চাহ জন-জাতি ছাত্ৰ সন্থা, বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মিচিং আগম কেৰাং উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, বান্দৰদোৱা প্ৰেছ ক্লাব, লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, জোনাই প্ৰেছ ক্লাব, লখিমপুৰ মহিলা সুৰক্ষা সমিতি, লখিমপুৰৰ হাইস্কুল শিক্ষক সন্থা, অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থা, অসম বহু ভাষিক কবি সন্মিলন, শব্দ আৰু চৰৈৱতী, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, সদৌ অসম হিন্দু যুৱ পৰিষদ আদিকে ধৰি প্ৰায় ৬০ৰো অধিক দল-সংগঠনে।
অজিত বুঢ়াগোঁহাই আৰু বুবুল হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত বৰুৱাদেৱক গামোচা, চেলেং, সঁফুৰা, শৰাই, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ নৰ্থ লখিমপুৰ কলেজ শাখা সাহিত্য সভা তথা জয়ন্ত বৰুৱা সম্বৰ্ধনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি বৰুৱাদেৱে কয় যে, 'ভাষা হৈছে এটা জাতিৰ দাপোনস্বৰূপ, ভাষাৰ অবিহনে জাতিৰ অস্তিত্ব নাই। ভাষা জীয়াই থাকিলেহে জাতি জীয়াই থাকিব গতিকে আমি ভাষাৰ বাবে কাম কৰা উচিত। এই ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাক নতুন প্ৰাণ দি গ'ল।' তদুপৰি তেওঁ কয় যে, 'সন্তানক বিদেশত শিক্ষা লাভৰ বাবে পঠিওৱাৰ পূৰ্বে তেওঁলোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলো যে, তেওঁলোকে তাত গ্ৰহণ কৰি অহা শিক্ষাই অসমত কাম কৰিব লাগিব। আৰু বৰ্তমান দুয়োয়ে সেই প্ৰতিশ্ৰুতি ইতিমধ্যেই পালন কৰি সাদিন-প্ৰতিদিন গোষ্ঠীত ওতঃপ্ৰোত ভাবে জড়িত হৈ সেৱা আগবঢ়াইছে।'
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতীয়াই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, প্ৰাক্তন মন্ত্ৰী উৎপল দত্তৰ লগতে লখিমপুৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে, অনুষ্ঠানত তেখেতক সম্বৰ্ধনা জনোৱাৰ ওপৰিও আয়োজন কৰা হয় হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্পৰ্কীয় এক বক্তৃতানুষ্ঠানৰ। এই সন্দৰ্ভত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই ভাষাৰ ওজাগৰাকীৰ জীৱন কৃতী সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷ লগতে অনুষ্ঠানত বিশিষ্ট সাংবাদিক শোণিত কুমাৰ ভূঞাই হেমকোষৰ ব্ৰেইল সংস্কৰণে গিনিজ ৰেকৰ্ড গঢ়াৰ সম্পৰ্কত উপস্থিতসকলৰ আগত বক্তব্য আগবঢ়ায়।
Also Read: মোডী জী, আপুনি যি ক'লেও আমি মণিপুৰৰ শান্তি ঘূৰাই আনিমঃ ৰাহুল গান্ধী