ডিজিটেল সংবাদ, নামতি: বিশিষ্ট শিক্ষাবিদ, নামতিৰ "দিকচু মজলীয়া বিদ্যালয়"ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নীল চেতিয়া (৯৭)ই বাৰ্ধক্যজনিত শুকুৰবাৰে শিৱসাগৰ জিলাৰ ন-পাম মাউট গাঁৱৰ নিজা বাসগৃহত শেষ নিশ্বস ত্যাগ কৰে। উল্লেখ্য যে, ভাৰত স্বাধীন হোৱা পাঁচটা বৰ্ষৰ পাছতে ১৯৫২ চনত নামতি অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা এখন ঠাই দিকচুত প্ৰথমখন বিদ্যালয় স্থাপন কৰি শিক্ষাৰ পোহৰ বিলাইছিল এইগৰাকী বিশিষ্ট শিক্ষাবিদ নীল চেতিয়াই।
অৱসৰ গ্ৰহণ কৰা পাছৰে পৰা বিভিন্ন সামাজিক অনষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা অমায়িক স্বভাৱৰ ধৰ্মপ্ৰাণ ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে দিকচু মজলীয়া বিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ক্ৰমে, শিক্ষক-শিক্ষায়ত্রী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাসকলৰ লগতে অগণন গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নীল চেতিয়া মৃত্যুৰ সময়লৈকে বহুকেইটা ধৰ্মীয় তথা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব পালন কৰিছিল।
একালৰ অতি কৰ্মদক্ষ শিক্ষকগৰাকীয়ে মৃত্যুৰ সময়ত চাৰি গৰাকী পুত্ৰ-বোৱাৰী, দুগৰাকী জী-জোঁৱাইৰ লগতে নাতি-নাতিনী বহু আত্মীয়স্বৰ্জনক ইহ-সংসাৰত এৰি থৈ গৈছে। আনহাতে, নীল চেতিয়াই মৃত্যুত দিকচু মজলীয়া বিদ্যালয়, নামতি প্ৰেছ ক্লাৱ, মিলনজ্যোতি পুথিভঁৰাল, নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়, সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা, নামতি জ্যেষ্ঠ নাগৰিক সন্মিলন, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতি, নামতি আঞ্চলিক ছাত্ৰ সন্থা, নামতি চাৰি আলি জাতীয় বিদ্যা নিকেতন, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, অসমীয়া যুৱ মঞ্চৰ লগতে বিভিন্ন দল-সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ।
Also Read: উৎসৱৰ বতৰত পছন্দৰ চাৰিচকীয়াখন ক্ৰয় কৰি লাভ কৰক অবিশ্বাস্য মূল্যৰ ৰেহাই