জম্মু-কাশ্মীৰত দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ বাবে অধিসূচনা জাৰি

জম্মু-কাশ্মীৰত দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ বাবে অধিসূচনা জাৰি

Published on

ডিজিটেল ডেস্কঃ দেশৰ নির্বাচন আয়োগে জম্মু কাশ্মীৰত দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন পত্র দাখিল প্রক্রিয়া আৰম্ভ হৈছে। অহা ৫ ছেপ্তেম্বৰত মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আৰু অহা ৬ ছেপ্তেম্বৰত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব।

প্রার্থীসকলে অহা ৯ ছেপ্তেম্বৰলৈ মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। অহা ২৫ ছেপ্তেম্বৰত এই পর্যায়ত জম্মু কাশ্মীৰৰ ৬ খন জিলাৰ ২৬টা বিধানসভা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সকলো পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল অহা ৪ অক্টোবৰত ঘোষণা কৰা হ'ব।

কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত অহা ১৮ ছেপ্তেম্বৰৰ পৰা হ'বলগীয়া তিনিটা পর্যায়ৰ বিধানসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত অর্ধসামৰিক বাহিনীৰ ৩০০টা অতিৰিক্ত কোম্পানী মোতায়েন কৰা হ'ব। অর্ধসামৰিক বাহিনী চি আৰ পি এফ, বি এছ এফ, এছ এছ বি আৰু আই টি বি পিব দলসমূহক জম্মু অঞ্চলৰ বিধানসভা নির্বাচন সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব প্রদান কৰা হৈছে।

উল্লেখযোগ্য যে কেন্দ্রীয় শাসিত অঞ্চলটোৰ প্ৰথম পর্যায়ৰ বিধানসভা নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ২৭৯গৰাকী প্রার্থীৰ ভিতৰত ২৪৪গৰাকীৰ মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। ৩৫গৰাকী প্রার্থীৰ মনোনয়ন বাতিল হৈছে। প্রথম পৰ্যায়ত জম্মু-কাশ্মীৰৰ ২৪টা বিধানসভা সমষ্টিত ১৮ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। নির্বাচন আয়োগৰ অধিসূচনা অনুসৰি ইচ্ছুক প্রার্থীসকলে শুকুৰবাৰে বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব।

উল্লেখ্য যে জম্মু আৰু কাশ্মীৰত সীমা নির্ধাৰণ প্ৰক্ৰিয়াৰ পাছত বিধানসভা আসনৰ সংখ্যা ৮৩ৰ পৰা ৯০ লৈ বৃদ্ধি হয়। ইয়াৰ ভিতৰত ৭৪ খন আসন সাধাৰণ শ্রেণীৰ প্রার্থীৰ বাবে। আনহাতে ৭ খন আসন অনুসূচিত জাতি আৰু ৯ খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে।

এইবাৰ নির্বাচনত ভোটদান কৰিবলগীয়া নাগৰিকসকলৰ ভিতৰত প্ৰায় ২১ লাখ ভোটদাতা ২০ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰৰ। জম্মু-কাশ্মীৰত এইবাৰ নির্বাচনত মুঠ ৮৭ লাখ ৯ হাজাৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪৪ লাখ ৪৬ হাজাৰ পুৰুষ আৰু ৪২ লাখ ৬২ হাজাৰ মহিলা। ইপিনে এই নির্বাচনত ৩ লাখ ৭১ হাজাৰ গৰাকী ভোটদাতাই প্রথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব।

জম্মু-কাশ্মীৰত দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ বাবে অধিসূচনা জাৰি
ধুবুৰীত বন বিভাগৰ অভিযাম: চাৰিখন কৈ ডাম্পাৰ-ট্ৰেক্টৰ জব্দ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in