ফাৰ্মাচীৰ লাইচেন্স প্ৰদানৰ নামত ধন লৈ আটক এজন...

বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰে

author-image
Asomiya Pratidin
New Update
ফাৰ্মাচীৰ লাইচেন্স প্ৰদানৰ নামত ধন লৈ আটক এজন...

ফাৰ্মাচীৰ লাইচেন্স প্ৰদানৰ নামত ধন লৈ আটক

ডিজিটেল সংবাদ, নুমলীগড়ঃ বোকাখাত আৰক্ষী থানাৰ অধীনস্থ নুমলীগড় তিনিআলিত ফাৰ্মাচীৰ লাইচেন্স প্ৰদানৰ নামত ধন লৈ এজন যুৱক সোমবাৰে আৰক্ষীৰ জালত পৰে ৷ জানিব পৰামতে, যোৰহাটৰ নিবাসী যুৱকজনে নিজকে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি নুমলীগড়ৰ এজন লোকৰ পৰা ফাৰ্মাচীৰ লাইচেন্স প্ৰদানৰ নামত ৫০ হাজাৰ টকা নগদ ধন নিয়ে ৷ কিন্তু, লাইচেন্সখন দিয়ে যদিও সম্পূৰ্ণ ভুৱা লাইচেন্স বুলি লোকজনে সদৰি কৰে ৷

এইক্ষেত্ৰত নিজকে ৰাজু হাতীকাকতি বুলি পৰিচয় দিয়া প্ৰৱঞ্চকজনে আৰক্ষীৰ সন্মুখতে ১৫ হাজাৰ টকা ধন লোৱাৰ কথা স্বীকাৰ কৰে ৷ লগতে তেওঁ ভুৱা লাইচেন্স দিয়া নাই বুলিও প্ৰকাশ কৰে ৷ কিন্তু, ভুক্তভোগী লোকজনে এই প্ৰৱঞ্চকে বহু লোকক ঠগাই এনেদৰে ধন সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ কৰে ৷ আজি আবেলি ভুক্তভোগী লোকজনে বিষয়টো বোকাখাত আৰক্ষীক অৱগত কৰাৰ লগতে প্ৰৱঞ্চকজনক কৌশলেৰে নুমলীগড়লৈ মাতি আনে। পিচত বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰে ৷

আৰু পঢ়কঃ আটাছুৰ স্মাৰকপত্ৰঃ চুকাফা মৈদামৰ মাটি কেনেকৈ ম্যাদী পট্টা হ’ল !

assam BOKAKHAT POLICE