তেল চুৰৰ অভিযোগত অভিযুক্ত বিধায়কৰ পুত্ৰ, দিছপুৰত চলিল অভিযান...

তেল চুৰৰ অভিযোগত অভিযুক্ত বিধায়কৰ পুত্ৰ, দিছপুৰত চলিল অভিযান...
Published on
Updated on

ডিজিটেল ডেস্কঃ তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ পুত্ৰ বিৰুদ্ধে। দিছপুৰ বিধায়ক আৱাসত শনিবাৰে নিশা বিধায়কগৰাকী অভিযুক্ত পুত্ৰক বিচাৰি নগাওঁ আৰক্ষীয়ে চলালে অভিযান।

কিন্তু লক্ষ্যণীয়ভাৱে আৰক্ষী বিধায়ক আৱাসত উপস্থিত হোৱাৰ পূৰ্বেই আৱাস এৰি একপ্ৰকাৰৰ পলায়ন কৰে বিধায়কগৰাকীয়ে। অৱশ্যে দেওবাৰে পুৱাৰ ভাগতে বিধায়কগৰাকী সংবাদমাধ্যমৰ আগত কয় যে, তেওঁৰ পুত্ৰ যদি দোষী, তেন্তে তেওঁ নিজেই পুত্ৰক আৰক্ষীক গতাই দিব।

উল্লেখ্যে যে শনিবাৰে কলিয়াবৰত উৎখাত হৈছিল তেল চুৰি চক্ৰ। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ জালত পৰিছিল তেল চুৰিৰ বৃহৎ গেং।  কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ তেল চোৰৰ গেঙৰ পাঁচ সদস্যক। এই গেঙৰে অন্যতম সদস্য ৰেজাউল হুদা ফাৰাজী ওৰফে ৰকিবুল। এই ৰকিবুলেই হৈছে নুৰুল হুদাৰ পুত্ৰ।

তেজপুৰ কছাৰী পামৰ আলম আলি, তেজপুৰৰ ভোমোৰাগুৰিৰ আব্দুল খলিল, বাগৰিৰ জামালউদ্দিন, বাগৰি হাৰমতিৰ তাহেৰ আলি আৰু চামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলি গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।আৰক্ষীয়ে জব্দ কৰিছিল দুখন বিলাসী বাহন আৰু নগদ ১ লাখ টকা। তেল চুৰি চক্ৰটোৱে ব্যৱহাৰ কৰা AS-12AA-2648 নম্বৰৰ চুইফ্ট বাহন আৰু AS-12AE-8977 নম্বৰৰ কিয়া বাহন জব্দ কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in