খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ সজাগতা সভা...

খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ সজাগতা সভা...
Published on
Updated on

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ডিমৰুগুৰি মাহৰোল সমূহীয়া ভৱনত আজি পোষণ মাহ উপলক্ষে ৰক্তহীনতা, পুষ্টিহীনতা পোষণ আৰু শিক্ষাৰ সজাগতা সভা অনুস্থিত হয় । সভাত গৰ্ভৱতী মহিলা, কিশোৰী আৰু প্ৰসূতি সকলৰ ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ ওপৰত ভাৰত চৰকাৰৰ অভিলাসী আঁচনিৰ ওপৰত কৰ্মীসকলৰ মাজত ব্যাপক সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সভাত আলোচনা কৰা হয়।

খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মূখ্য সেৱিকা ৰুলি মণি শইকীয়াই আঁতধৰা অনুষ্ঠানত খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া জ্যোতিপ্ৰসাদ বেজবৰাই কয় যে গছ থাকিলেহে মানুহ থাকিব । কাৰণ গছে আমাক অক্সিজেন দিয়ে । পোষণৰ লগত সংগতি ৰাখি জলবায়ুৰ উষ্ণতা বৃদ্ধিৰ বাবে সকলোকে বৃক্ষ ৰোপনৰ বাবে তেওঁ আহ্বান জনায় । সভাত মূখ্য সেৱিকা পিংকী বৰাই পোষণ আৰু শিক্ষাৰ লগত সংগতি ৰাখি শিক্ষাৰ লগতে মাতৃ -কিশোৰী সকলে পুষ্টিকৰ খাদ্য গ্ৰহণৰ সুবিধা পোৱা উচিত বুলি উল্লেখ কৰে ।

আন এগৰাকী মূখ্য সেৱিকা গায়ত্ৰী বৰঠাকুৰে কিশোৰী সকলক প্ৰাণায়াম, যোগ আৰু শাৰীৰিক ব্যায়াম নিয়মীয়াকৈ কৰিবলৈ আহ্বান জনায় । সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক দেৱজিৎ হাজৰিকাই পুষ্টিহীনতা আৰু ৰক্তহীনতা প্ৰতিৰোধ কৰিবলৈ হ'লে প্ৰাকৃতিক আৰু ঘৰুৱা উপায়েৰে উৎপাদিত কেঁচা শাক-পাচলি খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে ।

সভাত ডিমৰুগুৰি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি মৃণাল শইকীয়া , জিলা পোষণ সমন্বয়ক অভিনৱ বৰা, সমন্বয়ক কুইন বৰা, আশা চুপাৰ ভাইজাৰ স্মৃতা শইকীয়া, প্ৰাক্তন কাউঞ্চিলৰ উৎপল দাসকে ধৰি বহু কেইজন লোকে পোষণ মাহ সম্পৰ্কে আলোকপাত কৰি ভাষণ প্ৰদান কৰে । সভাৰ আৰম্ভণিতে এখনি খাদ্য মেলাৰ উদ্বোধন কৰে খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া জ্যোতিপ্ৰসাদ বেজবৰাই । উল্লেখ্য যে প্ৰখৰ ৰ'দকো নেওচি খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মূখ্য সেৱিকা সকলৰ লগতে ডিমৰুগুৰি চাৰ্কোলৰ দুই শতাধিক অংগনবাড়ী কৰ্মী সকলৰ লগতে কিশোৰী সকল সভাত উপস্থিত থাকে ।

খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ সজাগতা সভা...
এসপ্তাহত অসম চৰকাৰে লৈছে ৭৫০কোটিৰ ঋণ! ১লাখ ৫৫হাজাৰ কোটিলৈ বৃদ্ধি ঋণৰ বোজা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in