পুৰীৰ ৰথ যাত্ৰাই লাভ কৰিব ইউনেস্কোৰ স্বীকৃতি !

পুৰীৰ ৰথ যাত্ৰাই লাভ কৰিব ইউনেস্কোৰ স্বীকৃতি !
পুৰীৰ ৰথ যাত্ৰাই লাভ কৰিব ইউনেস্কোৰ স্বীকৃতি !
Published on
Updated on

ডিজিটেল ডেস্কঃ আন এক ভাল খবৰ। এইবাৰ পুৰীৰ ৰথযাত্ৰাই লাভ কৰিব ইউনেস্কোৰ স্বীকৃতি ! উৰিষ্যাৰ সাংস্কৃতিক মন্ত্ৰণালয়ে পুৰীৰ ৰথযাত্ৰাক ইউনেস্কোৰ স্বীকৃতি দিবৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

পুৰীৰ বিখ্যাত ৰথ যাত্ৰালৈ ইউনেস্কোৰ স্বীকৃতি লাভৰ বাবে ইতিমধ্যে উৰিষ্যা চৰকাৰৰ সাংস্কৃতিক বিভাগে এখন এডভাইজৰি কমিটী গঠন কৰি দিছে। এই কমিটীয়েই ৰথ যাত্ৰাই যাতে এই স্বীকৃতি লাভ কৰে তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, ওডিয়া ভাষা আৰু সাংস্কৃতিক বিভাগে যোৱা বছৰেই ইউনেস্কোলৈ এই বিষয়ত পত্ৰ প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত পুৰীৰ জগন্নাথ মন্দিৰ প্ৰশাসনৰ তৰফৰ পৰা ইউনেস্কোৰ সৈতে সঘন যোগাযোগ অব্যাহত আছে।

সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি পুৰী জগন্নাথ মন্দিৰ প্ৰশাসনে প্ৰয়োজনীয় সকলো নথি-পত্ৰ যোগান ধৰিছে। উল্লেখ্য যে, ১২০০ খ্ৰীষ্টাব্দতে নিৰ্মিত পুৰীৰ এই জগন্নাথ মন্দিৰ ফেব্ৰুৱাৰীত পৰ্যবেক্ষণ কৰিছিল পুৰাতত্ত্ব আৰু জৰিপ বিভাগৰ ডিৰেক্টৰ জেনেৰেল ভি বিদ্যাৱতীয়ে।

সেই সময়তেই তেওঁ এই প্ৰাচীন মন্দিৰটোলৈ ইউনেস্কোৰ স্বীকৃতি লাভৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰথ যাত্ৰাৰ বাবেও অনুৰূপ দাবী উত্থাপন কৰিছিল। মন কৰিবলগীয়া যে, বিগত বছৰত কলিকতাৰ দুৰ্গা পূজাই ইউনেস্কোৰ স্বীকৃতি লাভ কৰিছিল। এই বছৰ আকৌ গাৰ্বা নৃত্যই ইউনেস্কোৰ স্বীকৃতিৰ বাবে নমিনেশ্যন লাভ কৰিছে।

ক্লিক কৰি পঢ়কঃ পুত্ৰৰ লগত মিলি পত্নীয়ে ২২ টুকুৰা কৰি কাটিলে স্বামীৰ মৃতদেহ ! ভৰাই থলে ফ্ৰীজত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in