ডিজিটেল ডেস্কঃ ৰাচিয়া-ইউক্ৰেইন যুদ্ধ ভাৰতৰ তৈলক্ষেত্ৰৰ বাবে যেন এক আৰ্শীবাদ হল। ২০২২চনৰ পৰা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ পিছত ভাৰতৰ পৰা ইউৰোপলৈ শোধিত তেলৰ ৰপ্তানি ব্যাপকভাৱে বৃদ্ধি পাইছে। শেহতীয়াকৈ এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।
২০২২ৰ অক্টোবৰ মাহতৰ তুলনাত ২০২৪ৰ অক্টোবৰ মাহলৈকে ভাৰতৰ পৰা ইউৰোপলৈ ৰপ্তানি কৰা শোধিত তেলৰ পৰিমাণ প্ৰায় ৭৫শতাংশ বৃদ্ধি পাইছে। নৱেম্বৰ মাহটোত এই পৰিমাণ আৰু বেছি হৈছে। প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, নৱেম্বৰ মাহত প্ৰতিদিনে ভাৰতৰ পৰা ইউৰোপলৈ ৰপ্তানি হৈছে ৪লাখ বেৰেল শোধিত তেল। ৮নৱেম্বৰ, ২০২৪ৰ লৈকে এই পৰিমাণ আছিল বিগত সৰ্বকালৰ অভিলেখ।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতে মূলতঃ ইউৰোপলৈ ডিজেল আৰু জেট ইন্ধন ৰপ্তানি কৰে। অক্টোবৰ মাহত ভাৰতে প্ৰতিদিনে ২ লাখ ৩৮ হাজাৰ বিপিডি ডিজেল আৰু ৮১ হাজাৰ বিপিডি বিমান টাৰ্বাইন ইন্ধন ইউৰোপলৈ ৰপ্তানি কৰিছে। ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰতিদিনে ৭৯ হাজাৰ বিপিডি ডিজেল আৰু ১ লাখ ৩১ হাজাৰ বিপিডি জেট ইন্ধন ৰপ্তানি কৰা কৰিছিল ভাৰতলৈ।
আমেৰিকা আৰু চৌদি আৰৱৰ পিছতে অক্টোবৰ মাহত ইউৰোপলৈ শোধিত ইন্ধনৰ সৰ্বাধিক ৰপ্তানি কৰা দেশ আছিল ভাৰত। আমেৰিকাই প্ৰতি মাহত ৫ লাখ ৭৭ হাজাৰ বিপিডি শোধিত ইন্ধন যোগান ধৰাৰ বিপৰীতে ছৌদি আৰবে ইউৰোপলৈ ৩ লাখ ৬৬ হাজাৰ বিপিডি ৰপ্তানি কৰে।