অলিম্পিকৰ মূল সূচীৰ মেচৰ পূৰ্বেই ৰিঙত নামিল লাভলীনা, মেচ ড্ৰ'...

অলিম্পিকৰ মূল সূচীৰ মেচৰ পূৰ্বেই ৰিঙত নামিল লাভলীনা, মেচ ড্ৰ'...
Published on
Updated on

ডিজিটেল ডেস্কঃ অলিম্পিকৰ প্ৰাৰম্ভিক ৰেংকিং মেচত অসম কন্যা লাভলীনা বৰগোহাঁইৰ বিৰুদ্ধে ৰিঙত নামিছিল শৰণাৰ্থী শিবিৰৰ খেলুৱৈ চিনডী নাগাম্বা। এই খেলুৱৈগৰাকী সৈতে হোৱা মেচ ড্ৰ হোৱাৰ পাছতে এতিয়া অলিম্পিকৰ মূল সূচীৰ প্ৰথমখন মেচত লাভলীনা মুখামুখি হব নৰৱেৰ ২০বছৰীয়া খেলুৱৈ ছাননিভা হফষ্টেৰ্ডৰ সৈতে।

উল্লেখ কৰা প্ৰয়োজন যে, অলিম্পিকৰ মূল সূচীৰ মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা এই ৰাউণ্ডক কোৱা হয়  SEED। লক্ষ্যণীয় কথাটো হৈছে যে, এই ৰেংকিং ৰাউণ্ডত অলিম্পিকলৈ নিৰ্বাচিত হোৱা সকলো খেলুৱৈয়ে খেলা সুযোগ নাপায়। স্থান লাভ কৰে কেৱল শীৰ্ষ খেলুৱৈসকলেহে।

অসমৰ লাভলীনাই এই SEEDত লাভ কৰিছে অষ্টম স্থান। এই SEEDত স্থান লাভ কৰা খেলুৱৈসকল হৈছে নিজ নিজ মহাদেশৰ চেম্পিয়ন নাইবা ৰাৰ্নাছ আপ। সকলো ঠিকে ঠাকে থাকিলে, লাভলীনাই এই SEED ৰেংকিং ৰাউণ্ডত খেলাৰ পাছত অলিম্পিকৰ মূল সূচীৰ খেল আৰম্ভ কৰিব ৩১জুলাই নাইবা ১ আগষ্টতহে।

অলিম্পিকৰ মূল সূচীৰ মেচৰ পূৰ্বেই ৰিঙত নামিল লাভলীনা, মেচ ড্ৰ'...
খনিজাত সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ কেন্দ্ৰৰ নে ৰাজ্যৰ? উচ্চতম ন্যায়ালয়ৰ ৯ ন্যায়াধীশৰ মাজত তুমূল বিৰ্তক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in