নিষিদ্ধ ঘোষিত সংগঠনৰ নামত ধন দাবী কৰি আটক হ'ল এজন

নিষিদ্ধ ঘোষিত সংগঠনৰ নামত ধন দাবী কৰি আটক হ'ল এজন

author-image
Asomiya Pratidin
New Update
নিষিদ্ধ ঘোষিত সংগঠনৰ নামত ধন দাবী কৰি আটক হ'ল এজন

ডিজিটেল সংবাদ, বেকাজানঃ ৩ছেপ্টেম্বৰ তিতাবৰত আলফা স্বাধীনৰ নামত ধন দাবী কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক হয় এগৰাকী যুৱক। জানিব পৰামতে মঙলবাৰে তিতাবৰৰ সাৰ্দা চাহ ফেক্টৰীত নিজকে আলফা স্বাধীনৰ সদস্য বুলি চিনাকি দি সংগঠন চলাবলৈ ধনৰ প্ৰয়োজন বুলি মানৱজ্যোতি কলিতা নামৰ যুৱকজনে ধন দাবী কৰিছিল।

যুৱকজনৰ ধনদাবীত সন্দেহ হোৱাত চাহ ফেক্টৰীটোৰ কৰ্মচাৰীয়ে কৌশলেৰে যুৱকজনক কৰায়ত্ত কৰি তিতাবৰ আৰক্ষীক খবৰ দিয়ে। লগে লগে চাহ ফেক্টৰীটোত আৰক্ষী উপস্থিত হৈ মানৱজ্যোতি কলিতা নামৰ যুৱকজনক আটক কৰে। যুৱকজনৰ ঘৰ হোজাই জিলাৰ ১নং কাকীৰ বুলি জানিব পৰা গৈছে। অৱশ্যে আটকাধীন যুৱকজন প্ৰকৃততে আলফা স্বাধীনৰ সদস্য নে ভুৱা আলফা সেয়া আৰক্ষী তদন্তৰ পাছতহে পোহৰলৈ আহিব।

bekajan