ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ অলিয়ে গলিয়ে নিষিদ্ধ ড্ৰাগছ আৰু ভাঙৰ মুকলি বেহা চলিছে । ঘৰে বাহিৰে মুকলিভাৱে নিষিদ্ধ ড্ৰাগছ আৰু ভাঙৰ ক্ৰয়- বিক্ৰই চলি আহিছে ঢকুৱাখনাত ।
ঢকুৱাখনা আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ লৈ সৰ্বত্ৰে বিয়পি পৰা এই মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ ক'লা বেহাৰ কৰাল গ্ৰাসত পৰি যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰাছন্ন হোৱা পৰিলক্ষিত হৈছে । মঙ্গলবাৰে এনে এক মাৰাত্মক বেহা উৎখাত কৰিবলৈ সক্ষম হয় ঢকুৱাখনা আৰক্ষী।
ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি অঞ্চলৰ ৰাইজৰ এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে মঙ্গলবাৰে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৫টা সন্দেহজনক ড্ৰাগছ ভৰ্তি কন্টেইনাৰ । আটক কৰে অজয় পেগু নামৰ এজন ড্ৰাগছ বেপাৰীৰ লগতে জব্দ কৰে এখন য়ামহা এফ জেদ এক্স বাইক ।
তথ্য মতে গোপন সূত্ৰৰ খবৰ ভিত্তিত কৌশল ৰচনা কৰি ঢকুৱাখনা আৰক্ষীৰ এজন জোৱানে ডিমৰুগুৰি পঞ্চায়তৰ কঠালগুৰি গাঁৱৰ অজয় পেগুৰ পৰা নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰাৰ প্ৰস্তাৱ দিয়ে । এইক্ষেত্ৰত সন্মতি দিয়ে ড্ৰাগছ বেপাৰী অজয় পেগুৱেও । ইয়াৰ পাছতে আৰম্ভ হয় অভিযান ।
বেপাৰীটোক জোৱানজনে নিজকে লখিমপুৰৰ ব্যক্তি বুলি চিনাকি দি পুৱা ৬ বজাৰ পৰা যোগাযোগ কৰাৰ পাছত নির্দিষ্ট ধনৰ বিনিময়ত ড্ৰাগছ বিক্ৰীৰ বাবে নিৰ্ধাৰিত স্থানলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছসহ যুৱকজনক গ্ৰেপ্তাৰ কৰে । ঢকুৱাখনা সদৰ থানাৰ অচি প্রিয়ব্ৰত গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আৰু ছদ্মবেশী ক্ৰেতা জোৱানৰ সহযোগত হাতে লোতে ড্ৰাগছ বেপৰীটোক গ্ৰেপ্তাৰ কৰি থানালৈ আনে ।
সম্প্ৰতি আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰি বিক্রেতাজনক জেৰা চলাই আছে । এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে ।
Also Read: বটদ্ৰৱাত প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উদ্যোগত বিদায় সম্বৰ্ধনা অনুষ্ঠান